পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩১৫৫৫৪জনলৈ বৃদ্ধি

অসমত আকৌ ৫৪৬৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১১৭৩জন কামৰূপ মেট্ৰ'ৰ, ৪৫২জন ডিব্ৰুগড়ৰ, ৪৩১জন কামৰূপ গ্ৰাম্যৰ, ৩৩২জন নগাঁৱৰ। এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩১৫৫৫৪জনলৈ পাইছে বৃদ্ধি। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪২১৯জন লোক। ইয়াৰে বিপৰীতে দিনটোত কোৰোনাত মৃত্যু হৈছে ৭৫জন লোকৰ। ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪২১৪৪জন ৰোগী।

২. বৃহস্পতিবাৰে মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ৩খন সত্ৰত উপস্থিত হৈ আশীষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ বৈঠকত মিলিত হব মুখ্যমন্ত্ৰীগৰাকী। দলীয় কাৰ্যকতাৰ সৈতেও বৈঠকত বহিব তেওঁ।

৩. ইউপিএছচি প্ৰাৰম্ভিক পৰীক্ষা বাতিল

ইউপিএছচি অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল । ১০ অক্টোবৰলৈ স্থগিত কৰা হয় ইউপিএছচি পৰীক্ষা । কোভিডৰ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰা হয় । ২৭ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা ।

৪. আগুৱাই দিয়া হ'ল গ্ৰীষ্ম বন্ধ

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ নষ্ট নহ'বলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ । আগুৱাই দিয়া হৈছে গ্ৰীষ্ম বন্ধৰ দিন । ১৫ মে'ৰ পৰা ১৪ জুনলৈ গ্ৰীষ্ম বন্ধ ঘোষণা শিক্ষা বিভাগৰ । কোভিডৰ পৰিস্থিতিৰ বাবে বন্ধ আছে শিক্ষানুষ্ঠান সমূহ । পূৰ্বতে ১ জুলাইৰ পৰা ৩১ জুলাইলৈ আছিল গৰমৰ বন্ধ ।

৫. নগাঁৱৰ কন্দলী পাহাৰত ১৮টাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

নগাঁৱৰ কন্দলী পাহাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। বৃহস্পতিবাৰে কন্দলী পাহাৰত উদ্ধাৰ হৈছে ১৮টাকৈ বন্যহস্তীৰ মৃতদেহ। দৰাচলতে, পুৱাৰ ভাগত পাহাৰলৈ খৰি আনিবলৈ যোৱা কেইজনমান লোকে মৃত হাতী কেইটা প্ৰথমে প্ৰত্যক্ষ কৰি খবৰটো দিয়ে স্থানীয় লোকক।

৬. ৰিতুল শইকীয়াৰ পত্নীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰিতুল শইকীয়াক আলফাৰ কৱলৰ পৰা উদ্ধাৰৰ বাবে বিভিন্ন মহলে আনুনয় বিনুনয় কৰি থকা স্বতেও আজিলৈকে আলফাৰ কবলৰ পৰা উদ্ধাৰ হোৱা নাই ৰিতুল শইকীয়া । উপায়ন্তৰ হৈ ৰিতুল শইকীয়াৰ পত্নীয়ে কোলাত চাৰিমহীয়া কেছুৱালৈ তেখেতৰ স্বামী মুক্তি বিচাৰি বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে৷ আৰু তেওঁ মুখ্যমন্ত্ৰীক স্বামীক ঘূৰাই অনাৰ বাবে অনুৰোধ জনায়।

৭. ব্ৰিটেইনৰ পৰা চিৰাং আহি পালে অক্সিজেন উৎপাদনকাৰী প্লান্ট

চাৰিওপিনে মহামাৰী কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ আতংক ।কোভিড আক্ৰান্তৰ চিকিৎসা প্ৰদান কৰি থকা চিকিৎসালয় সমূহত জীৱনদায়ী অক্সিজেনৰ তীব্ৰ নাটনি । এতিয়াৰে পৰা অক্সিজেনৰ অভাৱত আৰু মৃত্যু নহব কোনো ক'ভিড আক্ৰান্ত মুমূৰ্ষু ৰোগী । কাৰণ প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন গেছ উৎপাদন কৰিব পৰা অত্যাধুনিক প্লান্ট স্থাপন হবলৈ গৈ আছে চিৰাং জিলাৰ কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয় চৌহদত । 

৮. ১৫ দিনলৈ তীৰ্থযাত্রীৰ বাবে বন্ধ হ'ল বটদ্ৰৱা থানৰ প্ৰবেশদ্বাৰ

কোৰোনাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত কোভিড আক্ৰান্তৰ সংখ্যা নগাঁও জিলাত ২৪০০ আৰু বটদ্ৰৱা-ধিং অঞ্চলত ২২৭ জনলৈ বৃদ্ধি পাইছে। ইফালে কোভিডৰ ভয়ংকৰ ৰূপৰ বাবে চৰকাৰে তীৰ্থস্থান, ধৰ্মীয় উপাসনা থলী সমূহ বৃহস্পতিবাৰৰ পৰা ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে।

৯. ১৫ মে'ৰ পৰা সম্পূৰ্ণ বোকাজান টাউন কনটেইনমেন্ট জ'ন ঘোষণা

পাহাৰীয়া জিলা কাৰ্বি আংলংত ভয়ংকৰ কোভিড সংক্ৰমণ। জিলা খনৰ বোকাজান মহকুমাত ভয়ানক ভাৱে কোৰোনা বৃদ্ধি পাইছে কৰোনা ৰোগী। উল্লেখ্য যে নাগালেণ্ডৰ প্ৰশাসনে ডিমাপুৰত যাত্ৰীবাহী ৰেলসমূহ ৰখোৱা বন্ধ কৰি দিছে। ১৫ মে'ৰ পৰা সম্পূৰ্ণ বোকাজান নগৰ কনটেইননমেন জ'ন ঘোষণা কৰিছে বোকাজান প্ৰশাসনে। ১৫ মে'ৰ পৰা ২১ মে লৈ ৭ দিনলৈ ঘোষণা কনটেইননমেন জ'ন। মেডিকেল সেৱাৰ বাহিৰে সকলো বন্ধ ঘোষণা বোকাজান নগৰ।

১০. মোৰাঝাৰত কাঠৰ বাটামেৰে মৰিয়াই যুৱকক হত্যা

হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অধীনস্থ অকচেক গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ভাগিনীয়েকক দিয়া অশ্লীল ইংগিতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা যুৱকক কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । হত্যাৰ বলি হোৱা যুৱকজন হৈছে অকচেক গাঁৱৰ আব্দুল বাচিত (৩৮) ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in