পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৭২৭৫১জনলৈ বৃদ্ধি

অসমত আকৌ ৪৮২৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৯১৬জন লোক। ইয়াৰ বিপৰীতে ৫৫জন লোকে কোৰোনাত আক্ৰান্ত হৈ হেৰুৱাইছে প্ৰাণ। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা অসমত ২৭২৭৫১জনলৈ পাইছে বৃদ্ধি। আনহাতে, কোৰোনাত আক্ৰান্ত হৈ বৰ্তমানলৈ মৃত্যু হৈছে ১৪৮৫জন লোকৰ আৰু এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ২৯৯১৫জন ৰোগী।

২. বুধবাৰৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকক কোভিড ভেকচিন প্ৰদান

বুধবাৰৰ পৰা আৰম্ভ হোৱা ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান শিবিৰ অব্যাহত থাকিব গুৱাহাটী প্ৰেছ ক্লাবত। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিছে কোভিড-১৯ৰ ভেকচিনৰ।

৩. বিহাৰত লকডাউন ঘোষণা

কোভিডৰ সংক্ৰমন ৰোধৰ বাবে বিহাৰত লকডাউন ঘোষণা । বুধবাৰৰ পৰা ৰাজ্য খনত লকডাউন ঘোষণা বিহাৰ চৰকাৰৰ । ১০ দিনৰ বাবে লকডাউন ঘোষণা ৰাজ্য খনত । ১৫ মে'লৈ ৰাজ্য খনত অব্যাহত থাকিব লকডাউন । লকডাউনৰ সময়তে জৰুৰীকালীন সেৱাৰ বাদে সকলো বন্ধ থাকিব ।

৪. ৰেল মন্ত্ৰণালয়ে অসমক প্ৰদান কৰিলে ১৫০টা ডবা

ৰে'ল মন্ত্ৰালয়ে অসমক অক্সিজেন চিলিণ্ডাৰেৰে সজ্জিত ১৫০ টা ৰেল ডবা কোভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰস্তাৱ দিছে। টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত হিমন্থই কয় যে – " ৰে'ল মন্ত্ৰালয়ে আমাক ১৫০ টা ডবা কোভিড কেভিড কেন্দ্ৰৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰস্তাৱ দিছে। এইবোৰত অক্সিজেন চিলিণ্ডাৰ থাকিব। ইয়াৰ পৰ্যালোচনা কৰিবলৈ গুৱাহাটী ৰেল ষ্টেচন পৰিদৰ্শন কৰিছিল।"

৫. পশ্চিমবংগত কোভিডৰ বিৰুদ্ধে নতুন নীতি-নিৰ্দেশনা

কোভিড প্ৰতিৰোধৰ বাবে পশ্চিমবংগত কেতবোৰ নীতি-নিয়ম বান্ধি দিয়া হৈছে। সেইবোৰ ক্ৰমে- ৰাজ্য খনত কোনো সম্পূৰ্ণ লকডাউন নহয় কিন্তু সামাজিক-ৰাজনৈতিক বৈঠক নিষিদ্ধ কৰা হৈছে, বৃহস্পতিবাৰৰ পৰা স্থানীয় ৰেল চলাচল নকৰিব, দোকানবোৰ পুৱা ৭ বজাৰ পৰা পুৱা ১০ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা থাকিব, গহনাৰ দোকান বোৰ দুপৰীয়া ১২ বজাৰ পৰা 3 বজালৈকে খোলা থাকিব , ব্যক্তিগত খণ্ডই ৫০ শতাংশ কৰ্মচাৰীৰ ক্ষমতাৰে কাম কৰিব, দীঘলীয়া দূৰত্বৰ ৰেল আৰু আন্তঃৰাজ্যিক বাছৰ পৰা অহা যাত্ৰীসকলে ঋণাত্মক আৰটিপিচিআৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদৰ্শন কৰিব লাগিব আদি।

৬. ৰহাত প্রথমটো কোভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু

ৰহাত প্ৰথমটো কোভিড পজিটিভ ৰোগীৰ মৃত্যু । ৰহাৰ দীঘলদৰিৰ পূৱত থকা কাকতি গাৱৰ ৰূপে দেৱীৰ মৃত্যু । কেইবাদিন ধৰি জ্বৰ ,চৰ্দিত ভুগী আছিল ৰূপে দেৱী । মহিলা গৰাকীৰ মৃত্যুৰ পাছত এন্টিজেন টেষ্ট কৰাত দেঙত কোৰোনা উপস্থিতি ধৰা পৰে ।

৭. ৰাজ্যজুৰি বুধবাৰে ২ বজাত বন্ধ হৈ পৰে দোকান-বজাৰ

আবেলি দুই বজাৰ লগে লগে বন্ধ হৈ পৰিল ৰাজ্যৰ সমূহ দোকান-বজাৰ । কোভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মঙলবাৰে প্ৰকাশ কৰিছিল নতুন এছঅ'পি । কোভিডৰ সংক্ৰমন ৰোধৰ বাবে বুধবাৰে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহো বন্ধৰ ঘোষণা কৰে । দেশৰ লগতে ৰাজ্যতো কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

৮. ৩ মাহৰ ভিতৰত ভাৰতত স্থাপন কৰা হ'ব ৫০০ অক্সিজেন প্ৰকল্প

তিনি মাহৰ ভিতৰত দেশত স্থাপন কৰা হ'ব ৫০০টা অক্সিজেন প্ৰকল্প। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই দেশৰ বিভিন্ন স্থানত স্থাপন কৰিব এই অক্সিজেন প্ৰকল্প। দিল্লীৰ এইমছ আৰু আৰএমএলৰ প্ৰকল্পটো বৃহস্পতিবাৰৰ পৰা কাৰ্যক্ষম হ'ব বুলি কয় সংস্থাটোৱে। এক মিনিটত ১০০০ লিটাৰ অক্সিজেন উৎপাদন কৰে আৰু একেলগে ২০০ ৰোগীক এই অক্সিজেন দিব পৰা যাব। এই প্ৰযুক্তিটো তেজছ বিমানৰ বাবে নিৰ্মাণ কৰা হৈছিল।

৯. ৰাজ্যত অনিৰ্দিষ্টকাললৈ স্কুল-কলেজ বন্ধ

ৰাজ্যৰ স্কুল -কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা । বন্ধ থাকিব কোচিং চেন্টাৰ সমূহো । বৃহস্পতিবাৰৰ পৰা এই বন্ধৰ ঘোষণা সন্দৰ্ভত জননী প্ৰকাশ কৰিছে শিক্ষা বিভাগে । কোভিডৰ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰিছে শিক্ষা বিভাগে । ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন।

১০. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে মমতা বেনাৰ্জীয়ে

তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে মমতা বেনাৰ্জীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। পশ্চিমবংগৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৩ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে ৭৭ খন আসন লাভ কৰে। নন্দীগ্ৰামত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰন কৰিছিল মমতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in