পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৬৩৪৫০জনলৈ বৃদ্ধি পাইছে।

অসমত আকৌ ৪৪৮৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৬৩৪৫০জনলৈ পাইছে বৃদ্ধি। ৰাজ্যত সোমবাৰে সুস্থ হৈছে ২৫৩৪জন লোক। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২৩৪২৩৭জনলৈ বৃদ্ধি পাইছে। ইফালে, সোমবাৰে অসমত মৃত্যু হৈছে ২৯জন লোকৰ।

২. অখিল গগৈৰ মাতৃয়ে কি ক'লে

শিৱসাগৰবাসীয়ে বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক। নৱগঠিত ৰাজনৈতিক দলটোৱে ২০২১ৰ নিৰ্বাচনত মাত্ৰ এখন আসন লাভতে সন্তষ্ট থাকিবলগীয়া হয় যদিও দলটোৰ সভাপতিৰ এই বিজয়ত কৰ্মকতাসকল উতফুল্লিত হৈ পৰা দেখা গৈছে। পুত্ৰৰ বিজয়ৰ পাছতে অখিল গগৈৰ মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ৰাইজে জিকাইছে। এয়া ৰাইজৰ মৰম আৰু আৰ্শীবাদ। জিকাৰ পাছত মই এয়াই কম- সোণৰ অসম গঢ়িব লাগিব বোপাই। সকলোৰে সৈতে মিলি অসমখন আগুৱাই নিব লাগিব।

৩. ল'কডাউনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক লকডাউনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় বিচাৰপীঠে প্ৰদান কৰিছে এই পৰামৰ্শ। লকডাউন অবিহনে কোভিড ৰোধ কৰা অসম্ভৱ বুলি মন্তব্য ন্যায়ালয়ৰ। কিন্তু লকডাউনে দেশৰ অৰ্থনীতিকো ক্ষতিগ্ৰস্ত কৰিব বুলি পৰামৰ্শ প্ৰদান কৰিছে। এইক্ষেত্ৰত আগতীয়াকৈ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ ন্যায়ালয়ৰ।

৪. হোটেল লিলিত প্ৰমোদ বড়ো

ফলাফল ঘোষণাৰ পাছতে সোমবাৰে হোটেল লিলিত উপস্থিত প্ৰমোদ বড়ো । উপস্থিত ইউপিপিএলৰ নৱ নিৰ্বাচিত বিধায়কসকল । হোটেল লিলিত অনুষ্ঠিত হব বিশেষ আলোচনা । এই আলোচনাৰ অন্তত বিজেপিৰ নেতৃত্বক সাক্ষাতৰ সম্ভাৱনা।

৫. হাৰিয়ানাত ৩ মে'ৰ পৰা ল'কডাউন

হাৰিয়াণাত ৩ মে'ৰ পৰা লকডাউন ঘোষণা । ৰাজ্য খনত ১০ মে'লৈ লকডাউন ঘোষণা । কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহন কৰে হাৰিয়াণা চৰকাৰে । শেহতীয়াকৈ দেশত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন । দেশত বিগত ২৪ ঘন্টাত ৩ লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত হৈছে ।

৬. ডিজেল ভৰাব লৈ অহা ট্ৰকৰ পৰা ধোঁৱা নিৰ্গমন,ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ক্ষুদ্ৰপলহাস্থিত এটা তেল ডিপো আৰু সমীপতে থকা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পৰা কোনো মতে ৰক্ষা পাবলৈ সক্ষম হয়।

৭. বাংগালোৰত পুনৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ যুৱকৰ

বাংগালুৰুত পুনৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ যুৱকৰ। বোকাখাতৰ সেউজীপাৰৰ অঞ্জন বৰুৱা নামৰ যুৱকজনৰ ২৮ এপ্ৰিলত চিনাক্ত হৈছিল কোভিড পজিটিভ। বাংগালোৰৰ "scop interationel" নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱক জনৰ সোমবাৰে পুৱা মৃত্যু হয় কোভিডত। বাংগালোৰৰ চোমেটহাল্লি নামৰ ঠাইত পত্নী চিল্পা সহ বিগত ১৫ বছৰে বসবাস কৰি আহিছিল যুৱকজনে।

৮. ছয়গাওঁত ভয়ংকৰ অগ্নিকাণ্ড

ছয়গাঁৱত সোমবাৰে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । ছয়গাৱৰ উকিয়াম পথৰ সমীমপত ব্যৱসায়িক প্রতিষ্ঠানত অগ্নিকাণ্ড। শ্বৰ্ট ছাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে । অগ্নিকাণ্ডত দুখন হোটেল আৰু দুখন পাণ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত।

৯. ৪ মাহৰ বাবে স্থগিত NEET-PG পৰীক্ষা

২০২১ বৰ্ষৰ NEET-PG পৰীক্ষা কমেও চাৰি মাহৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ ৩১ আগষ্ট, ২০২১ৰ পূৰ্বে এই পৰীক্ষা অনুষ্ঠিত নহয়। প্রধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড-১৯ লক্ষণ দেখা দিয়া ৰোগীসকলৰ চোৱাচিতাৰ বাবে নিয়োজিত কৰা হ'ব। আৰু বি.এছচি (নাৰ্ছিং)জিএনএম পাছ কৰা নাৰ্ছসকলে অভিজ্ঞ চিকিৎসকসকলৰ নেতৃত্বত নিজৰ কৰ্তব্য পালনৰ বাবে কৰা হ'ব নিয়োজিত।

১০. কৃষ্ণাইত পথ দুৰ্ঘটনা, নিহত দুজন

কৃষ্ণাইৰ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ কাছুমাৰীত সোমবাৰে নিশা প্ৰায় ৯বজাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত জিৰাৰ দিপাংকৰ ৰাভা আৰু ঢেকীয়াবাৰীৰ পল্লব ৰাভা নামৰ দুজন যুৱক নিহত আৰু দুজন গুৰুতৰ ভাৱে আহত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আহত-নিহত সকলক গোৱালপাৰা চিকিৎসালয়ত আৰক্ষীয়ে প্ৰেৰণ কৰিছে৷ বিবাহস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন কাছুমাৰীৰ ঘাইপথৰ কাষতে থকা বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in