পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত আকৌ ৩৪৫৩জন কোভিড পজিটিভ

অসমত আকৌ ৩৪৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৪১৭জন কামৰূপ মেট্ৰ'ৰ। শনিবাৰে ৰাজ্যত মুঠ ৫৪০০২জন লোকৰ কোভিড টেষ্ট কৰা হয়। ইয়াৰে ৩৪৫৩জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। শনিবাৰে কোভিড টেষ্ট কৰা ৬.৩৯ শতাংশ লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইফালে, ৰাজ্যত শনিবাৰে কোৰোনাত আক্ৰান্ত ২৩জনৰ মৃত্যু।

২. মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টা কোৰোনাত আক্ৰান্ত ৮০২জনৰ মৃত্যু

মহাৰাষ্ট্ৰত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ৬৩,২৮২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৮০২জনৰ মৃত্যু হয়। ইফালে, ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৬১৩২৬জন লোক সুস্থ হৈছে। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ৩৯৩০৩০২জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ হাৰ ৮৪.২৪ শতাংশ।এতিয়াও মহাৰাষ্ট্ৰত চিকিৎসাধীন হৈ আছে ৬৬৩৭৫৮জন ৰোগী।

৩. মাজুলীত ধুমুহাৰ তাণ্ডৱ, ফেৰী যাত্ৰীৰ মাজত হাঁহাকাৰ

দেওবাৰে বিয়লি ৫ বজাত প্ৰচণ্ড ধুমুহাই তচনচ কৰিছে মাজূলী। ধুমুহাৰ সমান্তৰালভাৱে বিজুলী ঢেৰেকণী, ভীষণ বৃষ্টিপাত। প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ অব্যাহত আছে মাজুলীত। ৫ বজাৰ পৰা বৰ্তমানেও অব্যাহত থকা ধুমুহাৰ তাণ্ডৱত নিমাটি কমলাবাৰী অন্তিম খন ফেৰীৰ যাত্ৰীৰ মাজত হাঁহাকাৰ সৃষ্টি।

৪. দিল্লীত এসপ্তাহৰ বাবে বৃদ্ধি ল'কডাউন

দিল্লীত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। ইয়াৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যখনত এসপ্তাহ ল'কডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে টুইটাৰযোগে ল'কডাউন এসপ্তাহৰ বাবে বৃদ্ধি কৰাৰ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত ললিখিছে- 'Lockdown in Delhi is being extended by one week'

৫. অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু

কোভিডত আক্ৰান্ত হৈ অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ মৃত্যু । মুম্বাইৰ ছেভেন হিলছ চিকিৎসালয়ত মৃত্যু হয় অভিনেতা গৰাকীৰ । ৫২ বছৰীয়া অভিনেতাজন এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল । ২০০৩ চনত বলিউডত আত্মপ্ৰকাশ কৰিছিল অভিনেতা গৰাকীয়ে । ১৯৮৯ চনত সেনা বাহিনীত যোগদান কৰিছিল অভিনেতা গৰাকীয়ে ।

৬. দিল্লীত অসমৰ এগৰাকী সাংবাদিকৰ মৃত্যু কোৰোনাত আক্ৰান্ত হৈ

দিল্লীত অসমৰ আন এগৰাকী সাংবাদিকৰ মৃত্যু । কোৰোনাত মৃত্যু হোৱা সাংবাদিক গৰাকীৰ নাম অনিৰ্বাণ বৰা । কোভিডত আক্ৰান্ত হৈ যোৱা ৪৮ ঘন্টাত দিল্লীত ৩ জনত অসমৰ সাংবাদিকৰ মৃত্যু । অনিৰ্বান বৰা ইক'নমিক টাইমছত কৰ্মৰত আছিল বৰা।

৭. আৰক্ষীৰ গুলীত কোকৰাঝাৰত এজন আহত

ভোট গণনা লৈ মাজতে মাথো এটা দিন বাকী থকা অৱস্থাত কোকৰাঝাৰৰ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে মাজনিশা কোকৰাঝাৰ জিলাৰ হালাংবাজাৰস্থিত ইউপিপিএলৰ যুৱ কাৰ্যালয়ত গুলীচালনা কৰা ঘটনাৰ পিছত শুক্ৰবাৰে নিশা কাৰিগাঁৱৰ বড়োলেণ্ড ধাবাত আৰক্ষীৰ গুলীত এগৰাকী যুৱক আহত হয় ।

৮. কোৰোনাত আক্ৰান্ত হৈ গায়িকা পাৰবীন পৰীৰ মৃত্যু

কোভিডত আক্ৰান্ত হৈ গায়িকা পাৰবীন পৰীৰ মৃত্যু । জিএনআৰচিত চিকিৎসাধীন হৈ আছিল গায়িকা গৰাকী । শনিবাৰে মৃত্যু হয় গায়িকা গৰাকীৰ । গায়িকা গৰাকীৰ পিতৃও আক্ৰান্ত হৈছিল কোভিডত । দুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল গায়িকা গৰাকীৰ পিতৃ ।

৯. লখিমপুৰত ড্ৰাই দে ঘোষণা

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা পৰ্ব লখিমপুৰ জিলাত আৰম্ভ হোৱাৰ পৰা নিৰ্বাচনী ফলাফলৰ আনুষ্ঠানিক ঘোষণা নোহোৱা পৰ্যন্ত সমগ্ৰ জিলাখন 'ড্ৰাই দে' ঘোষণা কৰিছে জিলা উপায়ুক্তই। এক নিৰ্দেশনা যোগে লখিমপুৰ জিলাৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগুৱে ২ আৰু ৩মে'ত জিলাখনৰ সকলো আৱকাৰী চক্ৰৰ অন্তৰ্গত সকলো বন্দ, বটলিং প্লেণ্ট, বাৰ , দেশী আৰু বিদেশী সুৰা বিপনি, ৰেষ্টুৰেণ্ট – বাৰ আদি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

১০. কোৰোনাত আক্ৰান্ত হৈ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যু

কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা । আছাম ট্ৰিবিউন কাকতৰ দিল্লীৰ সাংবাদিক আছিল বৰুৱা । শনিবাৰে ৰাতিপুৱা মৃত্যু হয় জ্যেষ্ঠ সাংবাদিক গৰাকীৰ । কোভিড আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছিল সাংবাদিক গৰাকী । শুকুৰবাৰে মৃত্যু হৈছিল তেওঁৰ পত্নী নিলাক্ষী ভট্টাচাৰ্য্যৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in