পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১,৪৪,১৬৬জনলৈ বৃদ্ধি পাইছে

অসমত সোমবাৰে আকৌ ২৪০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪৪১৬৬জনলৈ বৃদ্ধি পাইছে। ইফালে, সোমবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৯১৮জন লোক সুস্থ হৈছে। ৰাজ্যত বৰ্তমানলৈ সুস্থ হৈছে ১১৫০৫১জন লোক। আনহাতে, চিকিৎসাধীন হৈ আছে ২৮৬৩০জন ৰোগী। উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ ৪৮২জন লোক হেৰুৱাইছে প্ৰাণ।

২. প্ৰধানমন্ত্ৰী মোডীয়ে আমি ভাৰতত কৰা কোৰোনা টেষ্টিঙৰ বাবে প্ৰশংসা কৰিছেঃ ডনাল্ড ট্ৰাম্প

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে, প্রধানমন্ত্ৰী মোডীয়ে কোৰোনাৰ টেষ্টিঙক লৈ তেওঁ কৰা কামৰ প্ৰশংসা কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়- 'এতিয়ালৈকে আমি ভাৰতসহ বহু কেইখন বৃহৎ দেশত কোৰোনা টেষ্টিং কৰাইছো। আমেৰিকাৰ পাছতো ভাৰতত সৰ্বাধিক কোভিড টেষ্ট কৰোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে মোক ফোনযোগে কৈছে যে, কোভিড টেষ্টিঙৰ ক্ষেত্ৰত আমি বহুত ভাল কাম কৰিছো।'

৩. লোকসভাত মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব পাৰে ভাৰত-চীনৰ সম্পৰ্কৰ বিষয়

ভাৰত আৰু চীনৰ মাজত এল এ চিক লৈ চলি থকা পৰিস্থিতিৰ বাবে দুয়োখন দেশৰ মাজত সম্পৰ্ক পূৰ্বৰ দৰে ভাল হৈ থকা নাই। দুয়োখন দেশৰ সীমা বিবাদ আৰু সম্পৰ্কৰ বিষয়টো মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে।

৪. আছু-এজেৱাইচিপিৰ নতুন আঞ্চলিক দল গঠন, অসম জাতীয় পৰিষদ

অশেষ প্ৰতীক্ষাৰ অন্তত অৱশেষত আত্মপ্ৰকাশ ঘটিল আছু আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দলটোৰ। নতুন দলটোৰ নাম দিয়া হৈছে অসম জাতীয় পৰিষদ। নতুন এই আঞ্চলিক দলটোৰ মূল শ্লোগান হৈছে- ঘৰে ঘৰে আমি। আজিৰ পৰাই দলৰ কাম কাজ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে আহ্বায়কসকলে। সংবাদমেল সম্বোধন কৰি লগতে জনোৱা হয় যে, ৰাজ্যৰ ২৫ খন জিলাত সাংগঠনিক কাম আৰম্ভ হৈছে।

৫. জিএমচিএইচৰ হোষ্টেলত উদ্ধাৰ এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ

গুৱাহাটী মেডিকেল কলেজৰ হোষ্টেলত উদ্ধাৰ মৃতদেহ। এমএমবিএছৰ চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। মৃত ছাত্ৰজনৰ নাম নিমচিং পানমেই। হোষ্টেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। মৃত ছাত্ৰজনৰ ঘৰ ডিমা হাচাওৰ মাহুৰত বুলি জানিব পৰা গৈছে।

৬. দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়া কোভিড পজিটিভ

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়া কোৰোনাত আক্ৰান্ত। সোমবাৰে তেওঁৰ কোভিড টেষ্টত কোৰোনাৰ উপস্থিতি দৰা পৰে। টুইটাৰযোগে এই কথা খোদ দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তেওঁ টুইটাৰযোগে জনাই যে, দেওবাৰৰ নিশাৰ পৰাই তেওঁৰ জ্বৰ হৈছিল। তাৰপাছত সোমবাৰে কোভিড টেষ্টত পজিটিভ ধৰা পৰে।

৭. নগাঁও কাগজ কলৰ সন্দৰ্ভত নেশ্যনেল ল ট্ৰিবিউনেলৰ শুনানি ২১ ছেপ্টেম্বৰলৈ স্থগিত

সোমবাৰে নগাওঁ কাগজ কলৰ শেষবাৰৰ বাবে শুনানি গ্ৰহণ কৰাৰ কথা আছিল নেশ্যনেল ল ট্ৰিবিউনেলে । কিন্তু কিছু বিশেষ কাৰণত সোমবাৰে এই শুনানি গ্ৰহণ কৰিব নোৱাৰিলে নেশ্যনেল ল ট্ৰিবিউনেলে । অহা ২১ ছেপ্টেম্বৰলৈকে নগাঁও কাগজ কলৰ শুনানি স্থগিত ৰখা হৈছে । অৱশ্যে কাগজ কলটোৰ ক্ষেত্ৰত কাম কৰাৰ বাবে এমাহৰ সময় বিচাৰিছিল অসম চৰকাৰে। ইতিমধ্যে চৰকাৰে এই প্ৰসংগত এখন পত্ৰও প্ৰেৰণ কৰিছে।

৮. ৰাজ্যসভাৰ সাংসদ ৰূপে অজিত কুমাৰ ভূঞাৰ শপত গ্ৰহণ

সোমবাৰে শপতগ্ৰহণ কৰিলে অজিত কুমাৰ ভূঞাই। ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰিলে অজিত কুমাৰ ভূঞাই। অসমীয়া ভাষাতে শপত ল'লে সাংসদ গৰাকীয়ে। উল্লেখযোগ্য যে, সোমবাৰৰ পৰা আৰম্ভ হৈছে গ্ৰীষ্মকালীন অধিবেশন।

৯. কোৰোনাত আক্ৰান্ত লোকসভাৰ ১৭গৰাকী সাংসদ

সোমবাৰৰ পৰা আৰম্ভ হৈছে গ্ৰীষ্মকালীন অধিবেশন । সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পূৰ্বে কৰা বাধ্যতামূলক ভাবে কৰা হৈছে কোৰোনা পৰীক্ষা । কোৰোনা পৰীক্ষাত লোকসভাৰ ১৭ গৰাকী সাংসদৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি । লোকসভাৰ সাংসদ সকলৰ পৰীক্ষা কৰা হৈছিল ১৩ আৰু ১৪ চেপ্তেম্বৰত । 

১০. তামুলপুৰত চোকা অস্ত্ৰৰে প্ৰহাৰ চিকিৎসকক

নিশা তামুলপুৰত চোকা অস্ত্ৰৰে চিকিৎসকক প্ৰহাৰ। ডঃ গৌতম মেধি নামৰ ডাক্তৰ জনক ৰবিবাৰে নিশা ছুমান বসুমতাৰী নামৰ এজন প্ৰাক্তন সেনাৰ আক্ৰমণত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়। ডঃ গৰাকীৰ লগতে তেওঁৰ পত্নী আৰু কন্যাকো প্ৰহাৰ কৰে দুৰ্বৃত্ত গৰাকীয়ে। নিশা চিকিৎসক গৰাকীৰ নিজ চেম্বাৰত উপস্থিত হৈ প্ৰথমতে তর্কত লিপ্ত হৈ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে লোকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in