পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২২৯১৩৮জনলৈ বৃদ্ধি

বুধবাৰে আকৌ অসমত ১৬৬৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৬৭৪জন কামৰূপ মেট্ৰ, ১২৫জন কামৰূপ, ৭৪জন নগাঁও আৰু ৬৭জন ডিব্ৰুগড়ৰ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২৯১৩৮জনলৈ পাইছে বৃদ্ধি। ইফালে, আজিৰ দিনটোত সুস্থ হৈছে ২৯৭জন লোক। এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা ২১৭৫৯৩ জনলৈ বৃদ্ধি পাইছে। ইফালে, বুধবাৰে কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু হয় অসমত। এতিয়াও ৰাজ্যত ৯০৪৮জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মৃত্যু হোৱাৰ সংখ্যা ১১৫০জনলৈ বাঢ়িছে।

২. জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যু

অৱশেষত ভিতালী দাসৰ মৃত্যুৰ আনুষ্ঠানিক ঘোষণা। তেওঁক লৈ বুধবাৰৰ দিনটো বহু উৎকন্ঠা সৃষ্টি হৈছিল। কিন্তু দিনৰ ১২ বজাতে একাংশ সংবাদমাধ্যমত ভুলকৈ প্ৰচাৰ হৈছিল তেওঁৰ মৃত্যুৰ খবৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে তেওঁ সংকটজনক অৱস্থাত আছে বুলি খবৰ প্ৰকাশ কৰিছিল। কালাপাহাৰ কোভিড হাস্পতালত চিকিৎসাধীন হৈ আছে। যোৱা ১৪ এপ্ৰিলত গীত পৰিবেশন কৰিছিল কন্ঠশিল্পীগৰাকীয়ে। তাৰপাছতে জ্বৰ হোৱাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লৈছিল তেওঁ। ইফালে, ১৬ এপ্ৰিলত তেওঁ কোভিড আক্ৰান্ত হোৱা বুলি জানিব পৰা হৈছিল। অৱশেষত বুধবাৰে সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

৩. বিমানত অহা যাত্ৰী ৭ দিন হোম কোৱাৰেন্টাইনত থাকিব লাগিবঃ হিমন্ত বিশ্ব শৰ্মা

কোভিড ৰোগীৰ সংখ্যা এহেজাৰ হ'লে স্কুল কলেজ বন্ধ কৰি দিয়া হ'ব। বিমানত অহা যাত্ৰী ৭ দিন হোম কোৱাৰাইন্টাইনত থাকিব লাগিব। পৰিস্থিতি জটিল হ'লে হাইস্কুল শিক্ষান্ত আৰু উচ্চতাৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা বাতিল কৰা হ'ব। গুৱাহাটীত ৬০ লৈ বৃদ্ধি কৰা হ'ব কোভিড স্কীণিং চেন্টাৰ। ধীৰেণপাৰা মেটাৰনিটী চিকিৎসালয় কোভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ'ব। বুধবাৰে এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৪. ঢকুৱাখনাত ফাট বিহু বাতিল

সাম্প্ৰতিক অসমৰ কোৰোনা কেন্দ্ৰীক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ উদযাপন বাতিল কৰা কৰা হৈছে। বুধবাৰে বিয়লি ঢকুৱাখনা নগৰৰ মহঘুলি চাপৰিৰ ফাট বিহুৰ বাকৰিত অনুষ্ঠিত ২০২১ বৰ্ষৰ উদযাপন সমিতিৰ এখন জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৫. হোটেল-ৰেষ্টুৰাৰ ক্ষেত্ৰত দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ নিৰ্দেশনা

দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি। হোটেল-ৰেষ্টুৰাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰে। সন্ধিয়া ৬ বজাৰ পিছত বহি খাব নোৱাৰিব খাদ্য। অব্যাহত থাকি হোম ডেলিভাৰী সেৱা। ৬ বজাৰ পিছতো অব্যাহত থাকিব ই-কমাৰ্চ সেৱা।

৬. নাছিকত অক্সিজেন টেংকাৰৰ পৰা অক্সিজেন নিৰ্গমন, ২২জন কোভিড ৰোগীৰ মৃত্যু

মহাৰাষ্ট্ৰৰ নাছিকত ভয়াবহ ঘটনা । ডা: জাকিৰ হুছেইন চিকিৎসালয়ত অক্সিজেন টেংকাৰ পৰা অক্সিজেনৰ নিৰ্গমন । অক্সিজেনৰ নিৰ্গমনৰ ফলত অক্সিজেনৰ সেৱা ব্যাহত হৈ পৰে চিকিৎসালয় খনত । অক্সিজেনৰ সেৱা ব্যাহত হোৱাৰ ফলত ২২ জন কোৰোনা ৰোগীৰ মৃত্যু হয় । এই ঘটনা সন্দৰ্ভত অনুসন্ধানৰ নিৰ্দেশ দিয়ে ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেছনৰ মন্ত্ৰী ৰাজেন্দ্ৰ শিংগনে।

৭. বোকাখাতত পথ দুৰ্ঘটনা, নিহত এজন বাইক আৰোহী

বোকাখাতৰ বৰছাপৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীতে নিহত এজন বাইক আৰোহী। আনজন বাইক আৰোহীক সংকটজনক অৱস্থাত বোকাখাত কমলা মিৰি চিকিৎসালয়লৈ প্ৰেৰণ। দেৰগাঁও দিশৰ পৰা আহি থকা AS13AC1360 নম্বৰৰ ডি আই বাহন আৰু বিপৰীত দিশৰ পৰা আহি থকা AS 31 4404 নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। বাইক আৰোহী দুজনৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই পৰিচয়।

৮. ধোনীৰ মাতৃ-পিতৃ কোভিডত আক্ৰান্ত

দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ মাতৃ- পিতৃ কোভিডত আক্ৰান্ত । ধোনীৰ পিতৃ- মাতৃক ৰাঁচীৰ এক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান দুয়োগৰাকীৰে স্বাস্থ্য সুৰক্ষিত বুলি জানিব পৰা গৈছে । ইফালে দেশত বিগত ২৪ ঘন্টাত প্ৰায় ৩ লক্ষাধিক লোক কোভিডত আক্ৰান্ত হৈছে ।

৯. হাইদৰাবাদত কোৰোনাত আক্ৰান্ত হৈ অসমৰ মহিলাৰ মৃত্যু

দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। হাইদৰাবাদত কোৰোনাত আক্ৰান্ত হৈ অসমৰ এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাৰ গৰাকী নগাঁৱৰ দিপ্তী হাজৰিকা। কোৰোনাত আক্ৰান্ত হৈ হাইদৰাবাদৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল মহিলা গৰাকী।

১০. কৰ্ণাটকত নৈশ সান্ধ্য আইন জাৰি

দেশত কোৰোনাৰ বৰ্ধিত সংক্ৰমন ৰোধ কৰিবলৈ কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইনৰ লগতে সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে। ইফালে, কৰ্ণাটকত নৈশ সান্ধ্য আইন জাৰি কৰাৰ নিৰ্দেশ জাৰি কৰে। মঙলবাৰে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, ২১ এপ্ৰিলৰ পৰা ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰা হ'ব। ৰাজ্যখনত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত নৈশ সান্ধ্য আইন বাহাল থকাৰ লগতে শুকুৰবাৰে নিশা ৯ বজাৰ পৰা সোমবাৰে পুৱা ৬ বজালৈ সম্পূৰ্ণ সান্ধ্য আইন অব্যাহত থাকিব। এই নিৰ্দেশনা সমূহ ৪ মে'ৰ পুৱা ৬ বজালৈকে কাৰ্যকৰী হৈ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in