পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২২০৮৯৩জনলৈ বৃদ্ধি

অসমত আকৌ ৫৮৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৯৩জন গুৱাহাটী মহানগৰীৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২০৮৯৩জনলৈ পাইছে বৃদ্ধি। অসমত সোমবাৰৰ দিনটোত সুস্থ হৈছে ৯৮জন লোক। এতিয়ালৈকে ৰাজ্যত আৰোগ্য হৈ ঘৰলৈ উভতিছে ২১৬০৪১জন লোক। এতিয়াও অসমত চিকিৎসাধীন হৈ আছে ২৩৮৭জন ৰোগী। ইফালে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১১৮জনলৈ পাইছে বৃদ্ধি।

২. আইপিএলঃ পঞ্জাৱৰ হাতত পৰাস্ত ৰাজস্থান

আইপিএল টি-২০ত সোমবাৰে পঞ্জাৱৰ বিৰুদ্ধে খেলপথাৰত নামে ৰাজস্থান। প্ৰথমে বেটিং কৰাৰ পাছত পঞ্জাৱে সংগ্ৰহ কৰে ২২১ ৰান। ৬টা উইকেট হেৰুওৱাই এই ৰান সংগ্ৰহ কৰে পঞ্জাৱে। অৱশ্যে বহু চেষ্টাৰ পাছতো টাৰ্গেটত উপনীত হ'ব নোৱাৰে ৰাজস্থান। ২০ অভাৰত ৰাজস্থানে ৭ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৭ ৰান। সোমবাৰৰ মেচখনত ৪ ৰানৰ ব্যৱধানত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ।

৩. ২৪ ঘন্টাৰ বাবে মমতা বেনাৰ্জীক নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা

নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিষেধাজ্ঞা জাৰি। নিৰ্বাচন আয়োগে ২৪ ঘন্টাৰ বাবে জাৰি কৰিছে এই নিষেধাজ্ঞা। ১২ এপ্ৰিলৰ নিশা ৮ জবজাৰ পৰা ১৩ এপ্ৰিলৰ নিশা ৮ বজালৈ নিৰ্বাচনী কোনো সভা-প্ৰচাৰত অংশ ল'ব নোৱাৰিব মমতা বেনাৰ্জীয়ে। নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ বাবে এই সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে।

৪. কাজিৰঙাৰ কঁহৰাত ১৮ এপ্ৰিলত সাংবাদিকৰ মুকলি বিহু

কাজিৰঙাৰ কঁহৰাস্থিত গ্ৰামোন্নয়ন অতিথিশালাৰ সন্মুখৰ বাকৰিত প্ৰতিবছৰৰ দৰে এইবাৰো অষ্টমবৰ্ষ সাংবাদিকৰ মুকলি বিহুৰ আয়োজন কৰা হৈছে। অহা ৪ বহাগ অৰ্থাৎ ১৮ এপ্ৰিলত সাংবাদিকৰ মুকলি বিহু উদযাপন কমিটিয়ে আয়োজন কৰিছে এই মুকলি বিহুৰ।  কাজিৰঙাৰ কঁহৰা গ্ৰামোন্নয়ন অতিথিশালাৰ সন্মুখৰ বাকৰি ১৮ এপ্ৰিল অৰ্থাৎ দেওবাৰে দিনৰ ৯ বজাৰ পৰা আৰম্ভ হ'ব এই মুকলি বিহু অনুষ্ঠান। কৰ্মব্যস্ত সাংবাদিক-সংবাদকৰ্মীসকলক ৰঙালী বিহুৰ সময়চোৱাত একেলগে লগ পোৱাৰ আৰু ৰঙালীৰ ৰং-ৰহইচ কৰাৰ মানেসেৰ এই মুকলি বিহু অনুষ্ঠানত উপস্থিতি কামনা কৰিছে বিহু উদযাপন কমিটিয়ে।

৫. বোকাজানত জব্দ বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ

বোকাজান আৰক্ষীৰ বিশেষ অভিযান। অভিযানত জব্দ .২২ এম এম পিষ্টল, এটা মেগজিন আৰু দুই জাই গুলি। এনএল ০৭ ইবি ০৭৮৮ নম্বৰৰ এখন স্কুটিত আনিছিল পিষ্টলটো। ডিমাপুৰৰ পৰা অসমলৈ বিক্ৰীৰ বাবে আনিছিল পিষ্টলটো। অভিযানত ধৃত আচকা চেমা (২০) নামৰ লোকজনক অসম নাগালেণ্ড সীমান্তৰ পৰা খটখটি আৰক্ষীয়ে আটক কৰে।

৬. কামৰূপ জিলা উপায়ুক্ত কোৰোনাত আক্ৰান্ত

ৰাজ্যৰ প্ৰান্তৰ লগতে কামৰূপ জিলাতো কোৰোনাতংক। কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই অসুস্থ হৈ পৰে উপায়ুক্তগৰাকী। বৰ্তমান হোম আইছলেচনত আছে কামৰূপ জিলাৰ উপায়ুক্তগৰাকী।

৭. মেঘালয়ৰ ইষ্ট খাচি হিলছত সান্ধ্য আইন জাৰি

মেঘালয়তো প্ৰতিদিনাই বৃদ্ধি কোৰোনাৰ সংক্ৰমণ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ইষ্ট খাছি হিলছত জাৰি কৰা হৈছে সান্ধ্য আইন। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি। এতিয়ালৈকে মেঘালয়ত এই ভাইৰাছত আক্ৰান্ত হৈছে ১৩৫২৭৭১৭জনলৈ পাইছে বৃদ্ধি।

৮. ৰাছিয়াৰ কোভিড ভেকচিন ব্যৱহাৰৰ বাবে অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কোৰোনাক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে ভাৰতবাসীলৈ এক সকাহৰ খবৰ। সংক্ৰমণ বৃদ্ধি আৰু ভেকচিনৰ কিছু নাটনিৰ সময়তে ভাৰতে ব্যৱহাৰ কৰিব তৃতীয়টো কোৰোনাৰ ভেকচিন। সূত্ৰৰ খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ৰাছিয়াৰ ভেকচিন স্পুতনিক-ভি ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিছে। উল্লেখ্য যে, কোভিশিল্ড আকু কোভিক্সিনৰ পাছত ভাৰতে অনুমোদন জনোৱা এইটো হৈছে তৃতীয়টো কোভিড ভেকচিন।

৯. অজাপৰ সংবাদমেল

সোমবাৰে অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন। হোটেল প্ৰাগ কন্টিনেন্টেলত সম্বোধন সংবাদমেল। সভাপতি লুৰীণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা সম্বোধন কৰে সংবাদমেল। আপোচবিহীন ধাৰা অব্যাহত থাকিবঃ লুৰীণ জ্যোতি গগৈ। ২ মে' লৈ অপেক্ষা কৰকঃ লুৰীণ জ্যোতি গগৈ। আমি অসমৰ ৰাইজক আগত ৰাখি সিদ্ধান্ত ল'মঃ গগৈ। অসমৰ ৰাইজে যোগাত্মক চিন্তা আগবঢ়ালেঃ গগৈ।

১০. এইবাৰ আমাৰ চৰকাৰঃ অতুল বৰা

সোমবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অগপ নেতৃত্বই সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত দলটোকৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দাবী কৰে যে, ২ মে'ত অসমত মিত্ৰজোঁটৰ চৰকাৰ হবই। বৰাই লগতে নিৰ্বাচন ৰাইজে দেখুৱা মৰম, শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়-আমি নিশ্চিত এইবাৰো বিজেপিৰ নেতৃত্বত মিত্ৰজোটৰ চৰকাৰ হ'ব। হৰ্ছ টেড্ৰিঙক লৈ বৰাই কয় যে, একাংশ দলে তেওঁলোকৰ নির্বাচনী প্ৰাৰ্থীক বাহিৰলৈ লৈ গৈছে। অৰ্থাৎ নিজৰ প্ৰাৰ্থীৰ ওপৰত আস্থা নাই। তেওঁলোকৰ দলক ৰাইজে কিদৰে বিশ্বাসত ল'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in