পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১.অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৯২৭২জনলৈ বৃদ্ধি

অসমত আকৌ ২৪৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২১৯২৭২জনলৈ বৃদ্ধি। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৬৮জন লোক। ইফালে, এজনে হেৰুৱাইছে প্ৰাণ। এতিয়ালৈকে আৰোগ্য লোকৰ সংখ্যা ২১৫৭৯০জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হৈছে ১১১২জন লোকৰ। আৰু চিকিৎসাধীন হৈ আছে ১০২৩জন ৰোগী।

২. অসমত নহয় লকডাউনঃ হিমন্ত বিশ্ব শৰ্মা

অসমত নহয় লকডাউন । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঘোষণা কৰিলে এই কথা । সংবাদমেল সম্বোধন কৰি ৰাইজক আতংকিত নহ'বলৈ আহ্বান মন্ত্ৰী গৰাকীৰ । সান্ধ্য আইনো জাৰি কৰা নহয় বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। অসমবাসীক কোৰোনাৰ লক্ষন দেখিলে পৰীক্ষা কৰিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ ।

৩. বিহুৰ সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত নীতি নিৰ্দেশনা

আগন্তুক বিহুৰ সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই কথা সদৰি কৰে। বিহু উদযাপনৰ বাবে প্ৰস্তুত বিশেষ SOP ।দৰ্শক সকলেও বৰ্তাই ৰাখিব লাগিব সামাজিক দূৰত্ব।

৪. সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্রধানমন্ত্ৰীৰ বৈঠক

বৃহস্পতিবাৰে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক । বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হয় এই বৈঠক । কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে এই বৈঠকৰ আহ্বান জনোৱা হয়। কোভিড প্ৰতিষেধকৰ টিকাকৰন সম্পৰ্কেও আলোচনা । ভিডিঅ' কণ্ফাৰেণ্স যোগে অনুষ্ঠিত এই বৈঠক ।

৫. কংগ্ৰেছ নেত্ৰী নাগমা কোৰোনাত আক্ৰান্ত

কোৰোনাত আক্ৰান্ত অভিনেত্ৰী তথা কংগ্ৰেছ নেত্ৰী নাগমা । কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰাৰৰ পিছত কোৰোনাত আক্ৰান্ত হৈছে বুলি মন্তব্য অভিনেত্ৰী গৰাকীৰ । ২ এপ্ৰিলত অভিনেত্ৰী গৰাকীয়ে গ্ৰহন কৰিছিল কোভিড ভেকচিন । অভিনেত্ৰী গৰাকীয়ে অনুৰাগী সকলক সচেতন হোৱাৰ বাবে আহ্বান জনাইছে । বৰ্তমান কংগ্ৰেছ নেত্ৰী গৰাকী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিয়ে ।

৬. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'লে কোভিড ভেকচিন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'লে কোভিড ভেকচিন। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লয় কোভিড ভেকচিনৰ প্ৰথম ডোজ । টুইটাৰ যোগে সোণোৱালে প্ৰকাশ কৰে এই কথা। ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান সোণোৱালৰ।

৭. এছিয়ান বক্সিং চেম্পিয়নশ্বিত অংশ ল'ব অসম কন্যা বক্সাৰ লাভলিনা বৰগোঁহায়ে

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম কন্যা বক্সাৰ লাভলিনা বৰগোঁহায়ে। অহা ২১ মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ দেশৰ তাৰকা এম চি মেৰী কমেও অংশ গ্ৰহণ কৰিব। চেম্পিয়নশ্বিপত ৬৯ কিল'গ্ৰাম শাখাত অসম কন্যা গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে ৫১ কিল'গ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মেৰী কমে।

৮. মেৰাপানীত বাগৰিল পাৱাৰগ্ৰীড, এজন শ্ৰমিকৰ মৃত্যু

মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তত অঘটন। ফুট হিলছত পাৱাৰগ্রীডৰ টাৱাৰ বাগৰি দুজন শ্রমিকৰ মৃত্যু। গুৰুতৰভাৱে আহত এজন শ্রমিক। টাৱাৰত উঠি কাম কৰি থকা অৱস্থাতে বাগৰি পৰে টাৱাৰটো। মৃত শ্রমিক দুজনৰ নাম ধনীৰাম পানিকা আৰু অৰুণ গড়। আহত শ্রমিকজনৰ নাম ৰবেন গড়। আটাইকেইজন শ্রমিকৰ ঘৰ নগাঁৱৰ কঠিয়াতলীত।

৯. কোৰোনাত আক্ৰান্ত কেৰালাৰ মুখ্যমন্ত্ৰী

কেৰালাৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ানৰ দেহত ধৰা পৰে কোভিড পজিটিভ। টুইটাৰযোগে খোদ এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ৩ মাৰ্চত কোভিড ভেকচিন লৈছিল তেওঁ।

১০. মাওবাদীয়ে মুকলি কৰি দিলে চিআৰপিএফ জোৱান ৰাকেশ্বৰ সিং মানহাছক

মাওবাদীয়ে মুক্তি দিলে চিআৰপিএফ জোৱান ৰাকেশ্বৰ সিং মানহাছক। জোৱানজনক মুক্তি দিয়াৰ পাছতে আনন্দ-উচাহেৰে উদযাপন কৰে তেওঁৰ পৰিয়ালৰ লোকে। তেওঁৰ পত্নী মিনুৱে কয়- 'আমি তেওঁ সুৰক্ষিতভাৱে ঘূৰি অহাৰ পাছত অতিকৈ সুখী।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in