পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ২ মে'ৰ পাছত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক সমৰ্থন কৰিব এআইইউডিএফে

২ মে'ৰ পাছত ৰাজ্যত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ এআইইউডিএফ। টুইটাৰযোগে এই কথা সদৰী কৰে বদৰুদ্দিন আজমলে।  লগতে টুইটাৰত বদৰুদ্দিন আজমলে লিখিছে- অসমৰ সকলো অঞ্চল আৰু সম্প্ৰদায়ৰ বাবে সমানে কাম কৰা হ'ব। মহাজোঁটৰ চৰকাৰ গঠন হ'লে মুল উদ্দেশ্য হ'ব ৫টা গ্যাৰেন্টী ৰূপায়ন কৰা।

২. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১৮৬০১জনলৈ বৃদ্ধি

অসমত আকৌ ৬৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৬০১জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত সুস্থ হৈছে ৩২জন লোক। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫৫৪৯জনলৈ পাইছে বৃদ্ধি। আনহাতে, চিকিৎসাধীন হৈ আছে ৫৯৮জন ৰোগী। উল্লেখ্য যে, এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৩৪৭জন লোক।

৩. মহানগৰীৰ ধাৰাপুৰত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুজন

মহানগৰীৰ ধাৰাপুৰত পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰিল এখন বেলেন' বাহন। দুৰ্ঘটনাৰ ফলত এখন স্কুটীসহ দুগৰাকী যুৱতীবাগৰি পৰে নলাত। যুৱতী দুগৰাকীক সংকটজনক অৱস্থাত আজাৰা হাস্পতালত ভৰ্তি কৰা হৈছে। বেলেন' বাহনখনৰ নম্বৰ AS-21 H 8424।

৪. লামডিং ডিফু সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা

লামডিং ডিফু সংযোগী পথত ভয়কৰ পথ দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা ৩০-৩৫ গৰাকী শ্ৰমিকৰ নিয়ন্ত্ৰন হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল বলেৰ' পিক্ আপ ভান ৷ ১৫ জনৰো অধিক লোক আহত হয় আৰু তাৰে ৪ গৰাকী গুৰুতৰ ভাৱে আহত ৷ আহত সকলো লোক শ্ৰমিক, তেওঁলোকে জৱকাৰ্ডৰ কামত বৰলংফাৰ পৰা লামডিং অভিমুখে আহি আছিল ৷ বহনখনে ৩০-৩৫ জন শ্ৰমিকক কঢ়িয়াই আনোতেই দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ী চালক ৷

৫. বোকাজানত অস্ত্ৰসহ আটক দুজনক

বোকাজানত .২২ এম এম পিষ্টলসহ তিনি জাই গুলি জব্দ, দুজনক আটক। নিৰ্বাচনৰ মাজতে বোকাজান আৰক্ষীৰ বিশেষ অভিযান। গোপন সূত্ৰৰ পম খেদি জব্দ .২২ এম এম পিষ্টলসহ তিনি জাই সজীৱ গুলি। ঘটনাৰ সৈতে জড়িত এনএল ০৭ এফ ৩৭৯২ নম্বৰৰ অটো জব্দ কৰে। ডিমাপুৰৰ পৰা অসমলৈ বিক্ৰীৰ বাবে আনিছিল পিষ্টলটো। অভিযানত ধৃত দুই লোক নাম ক্রমে কিভিকো চিচি ( ২৬) আৰু কিভিকো য়াপটো (২০)ক অসম নাগালেণ্ড সীমান্তৰ খান বস্তিৰ পৰা খটখটি আৰক্ষীয়ে আটক কৰে ।

৬. অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, চৰাইদেউ ছাত্ৰ সন্থাৰ পদযাত্ৰা

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্হাই লাকুৱাত পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। লাকুৱা বাগান তিনিআলিৰ পৰা আৰম্ভ কৰি অ এন জিছিৰ কল'নিৰ সন্মুখলৈকে এই প্ৰতিবাদ কাৰ্যসূচী বাহিৰ কৰা হয় ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি আকাশ বতাহ কঁপাই তোলে ৷ প্ৰতিবাদকাৰীয়ে আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অতিশীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰে ৷

৭. ৯ এপ্ৰিলৰ পৰা আইপিএল ২০২১

৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আইপিএল ২০২১ । আইপিএল আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰিকেট প্ৰেমী সকলৰ বেয়া খবৰ । কোৰোনা ভাইৰাছৰ আতংকই খেদি ফুৰিছে আইপিএলক । আইপিএল আৰম্ভ হোৱাৰ আগে আগে ৱাংখেড়ে ষ্টেডিয়ামৰ ৮ জন গ্ৰাউণ্ডমেনৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ উপস্থিতি । আইপিলৰ আৰম্ভ হোৱাৰ পূৰ্বে গ্ৰাউণ্ড মেন কেইজন কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে হতাশ কৰি তুলিছে ক্ৰিকেট প্ৰেমী সকলক । 

৮. ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা বন্ধ সুৰাৰ বিপনী

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ থাকিব সুৰাৰ বিপনী । কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে । ৪ এপ্ৰিল দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা বন্ধ থাকিব সুৰাৰ বিপনী । ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব সুৰাৰ বিপনী । ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভা ২০২১ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহন ।

৯. আমি লুঙি টুপিৰ চৰকাৰ বিচৰা নাইঃ অজিত কুমাৰ ভূঞা

শনিবাৰে সাংসদ অজিত কুমাৰ ভূঞাই সংবাদমেল সম্বোধন। হোটেল লিলিত সংবাদমেল সম্বোধন সাংসদগৰাকীৰ। তেওঁ সংবাদমেলত কয়- বিজেপিয়ে হতাশাত ভূগি ইভিএম চুৰ কৰিছে। দিছপুৰত মহাজোঁটৰ চৰকাৰ নিশ্চিত। গুণ্ডাবাহিনীক মুখ্যমন্ত্ৰীয়ে ভয় কৰে। আমি লুঙি টুপিৰ চৰকাৰ বিচৰা নাই।

১০. উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত অঘটন

উত্তৰ গুৱাহাটীত লুইতৰ বুকুত অঘটন। ব্ৰহ্মপুত্ৰ বুকুত জাহাজৰ পৰা জাপ দিলে এজন লোকে। আৰ পি এল বৰলীয়া জাহাজৰ পৰা নদীত জাপ দিলে লোকজন। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখী আছিল জাহাজখন। এতিয়ালৈকে লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in