পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২৫ জন …

ৰাজ্যত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হয় ২৫ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১২ জনে ।দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই ।বৰ্তমানলৈ ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে ২,১৭,৯৭৬ জন । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ২,১৫,২১৩ জনে । কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হৈছে ১১০০ গৰাকীৰ ।

২. সোমবাৰে মউকঅয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে…

২২ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অমিত শ্বাহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে জোনাই আৰু ওদালগুৰিত জনসাধৰনক সম্বোধন কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক সংগ দিব বিজেপিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়াই । ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও ২২ মাৰ্চত অসমৰ টিংখং,তিতাবৰ আৰু বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব ।

৩. সোমবাৰেও প্ৰিয়ংকাই অসমত চলাব মাৰাথান নিৰ্বাচনী প্ৰচাৰ…

দেওবাৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । প্ৰিয়ংকা গান্ধীয়ে দেওবাৰে যোৰহাট,নাজিৰা আৰু খুমটাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সোমবাৰেও কংগ্ৰেছ নেত্ৰী গৰাকীয়ে অসমৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব । গান্ধীয়ে সোমবাৰে সৰুপথাৰ আৰু কলিয়াবৰত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে বটদ্ৰবা সত্ৰ পৰিদৰ্শন কৰিব । বটদ্ৰবা সমষ্টিত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে এক ৰাজহুৱা সভাতো জনসাধৰনক সম্বোধন কৰিব ।

৪. পুনৰ আছুৰ মুখ্য উপদেষ্টা হ'ব সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য…

পুনৰ আছুৰ মুখ্য উপদেষ্টা হ'ব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । আছুৰ কাৰ্যনিৰ্বাহকত লোৱা হয় এই সিদ্ধান্ত ।উপদেষ্টা ৰূপে প্রকাশ চন্দ্র দাস, উদীপজ্যোতি গগৈক প্ৰদান কৰা হয় দায়িত্ব ।গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক । ৰাজ্যিক কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও মূল সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় । অসম চুক্তি, ৬নং দফা, কা আন্দোলন, শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে বিএডৰ মাচুল সম্পৰ্কেও আলোচনা কৰা হয় আছুৰ কাৰ্যনিৰ্বাহকত ।দেওবাৰৰ সভাৰ প্রস্তাৱ সমূহ সোমবাৰে প্রতিনিধি সভাত গৃহীত কৰা হ'ব ।

৫. প্ৰথম কেবিনেটতে বলবৎ কৰা হ'ব কা…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে পশ্চিম বংগ নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ মুকলি কৰে য'ত অন্যান্য প্ৰতিশ্ৰুতিৰ মাজত প্ৰথম কেবিনেট বৈঠকত কা আইন বলবৎ কৰাৰ প্ৰতিশ্ৰুতিও উল্লেখ কৰে । শ্বাহে কয় "নাগৰিকত্ব সংশোধনী আইন (চিএএ) প্ৰথম কেবিনেটত ৰূপায়ণ কৰা হ'ব আৰু ৭০ বছৰ ধৰি ইয়াত থকা শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়া হ'ব। প্ৰতিটো শৰণৰ্থী পৰিয়ালে ৫ বছৰৰ বাবে প্ৰতি বছৰে ১০ হেজাৰ টকাকৈ পাব" ।

৬. গেৰুৱা হ'ব নেকি প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী গৌতম বৰা…

ভোটদান পৰ্বলৈ মাজত মাত্র আৰু কেইটামান দিন বাকী থকাৰ অন্তত এতিয়া বটদ্ৰৱা সমষ্টিত সলনি হৈছে নিৰ্বাচনী দৃশ্যপট।দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ শনিবাৰে সংবাদ মেলত কংগ্রেছ ত্যাগ কৰা বুলি ঘোষণা কৰা প্ৰাক্তন শিক্ষা মন্ত্রী গৌতম বৰাৰ বাসগৃহত দেওবাৰে নিশা দলীয় নেতা কৰ্মী সহ গৈ উপস্থিত হয় আঙুৰলতা ডেকা। সোমবাৰে পু্ৱা ১১ বজাত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত থকা খেলপথাৰত ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ আঙুৰলতাৰ হৈ প্ৰচাৰ চলাব। এই অনুষ্ঠানতেই গৌতম বৰাই গেৰুৱা বসন পৰিধান কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।হিমন্ত বিশ্ব শৰ্মাই ৰেলীত অংশগ্ৰহণ কৰিব দলংঘাটৰ বেলতল খেলপথাৰত।

৭. কোভিড মুক্ত হ'ল অজন্তা…

কোভিডত আক্ৰান্ত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগ । ১৯ মাৰ্চৰ কোভিড পৰীক্ষাত নেওগৰ দেহত কোভিড ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল । ইফালে ২১ মাৰ্চত কোভিড মুক্ত হ'ল অজন্তা । RT-PCR পৰীক্ষাত নেওগৰ দেহত কোভিডৰ ফলাভল নিগেটিভ আহে ।

৮. ৰৰৈয়াত জৰুৰী অবতৰন অজাপৰ বিমান…

অসম জাতীয় পৰিষদৰ হেলিকপ্টাৰৰ জৰুৰী অবতৰন । নযোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত ৪:৪৫ বজাত কৰা হয় জৰুৰী অবতৰন।হেলিকপ্টাৰত আছিল জিয়াউৰ ৰহমান, জেৰিফা ৱাহিদ, সম্বিত শৰ্মা আৰু মিৰাজ ফাৰুক৷লাহৰিঘাটত নিৰ্বাচনী প্ৰচাৰ চলাই উভতিচিল ডিব্ৰুগড়লৈ৷পুৱা ১০ বজাত হেলিকপ্টাৰখনে ডিব্ৰুগড় মেহনবাৰী বিমান বন্দৰৰ পৰা চাৰিওজনকে লৈ উৰা মাৰিছিল লাহৰিঘাটলৈ৷
উভতাৰ পথত কাজিৰঙাৰ ওপৰত হেলিকপ্টাৰখনক ঘুৰ্ণী বতাহে আগুৰি ধৰে৷পাইলটে দক্ষতাৰে প্ৰত্যাহ্বান নেওচি ৪:৪৫ বজাত যোৰহাটত অৱতৰণ কৰোৱায় হেলিকপ্টাৰখন৷ ধুমুহাৰ বাবে ৪৫ মিনিট আকাশতে উৰি ফুৰিছিল হেলিকপ্টাৰখন৷

৯. কোৰোনাত আক্ৰান্ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান…

শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। ভেকচিন লোৱাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আক্ৰান্ত হৈছে কোৰোনাত। কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰীৰ সহায়ক ফইজল চুলতানে। কোৰোনাত আক্ৰান্ত ৬৭বছৰীয়া প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমান আইচ'লেচনত থকা বুলি জনায় সহায়ক গৰাকীয়ে । উল্লেখ্য যে, পাকিস্তানত বৰ্তমান ৬ লাখতকৈ অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে ।

১০. মাস্ক নিপিন্ধাৰ বাবে ২০ লাখ লোকক জৰিমনা…

কোৰোনাৰ সংক্ৰমন বৃদ্ধি ৰোধৰ বাবে মুম্বাই মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে । মুম্বাইত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে প্ৰায় ২০ লাখ লোকক মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহে । মুম্বাই আৰক্ষীয়ে মাস্ক নিপিন্ধাৰ ফলত প্ৰায় ৪০ লাখ টকা জৰিমনা সংগ্ৰহ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in