পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯৫১জনলৈ বৃদ্ধি

অসমত আকৌ ২৭ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯৫১জনলৈ পাইছে বৃদ্ধি। শনিবাৰে ৰাজ্যত সুস্থ হৈছে ১৮জন লোক। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫২০১জনলৈ বৃদ্ধি পাইছে। ইফালে, চিকিৎসাধীন হৈ আছে ৩০৩জন ৰোগী। উল্লেখযোগ্য যে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১০০জনলৈ বৃদ্ধি পাইছে।

২. দক্ষিণ শালমাৰা মাকচাৰত আছুৰ প্ৰতিবাদ

 অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ লগতে গোটাবাৰী খোপাতিয়া আঞ্চলিক , ফকিৰগঞ্জ আঞ্চলিক ,হাজিৰহাট আঞ্চলিক , হাটশিঙিমাৰী আঞ্চলিক ,দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই "কা "বাতিলৰ দাবীত বাইক ৰেলী কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

৩. মঙলদৈত শিক্ষাবিদ কামাখ্যা প্ৰসাদ শৰ্মাৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ তথা 'মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়'ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ টেঙাবাৰীৰ নিবাসী কামাখ্যা প্ৰসাদ শৰ্মাৰ শনিবাৰে পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। শিক্ষাবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দৰঙৰ বিভিন্ন দল-সংগঠনৰ লগতে মঙলদৈবাসীয়ে।

৪. আকৌ কোৰোনাত আক্ৰান্ত যোৰহাটৰ সাংসদ তপন গগৈ

দ্বিতীয়বাৰৰ বাবে কোৰোনাত আক্ৰান্ত যোৰহাটৰ সাংসদ তপন গগৈ। ২০২০বৰ্ষত প্ৰথমবাৰ কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত এইবাৰ পুনৰ আক্ৰান্ত হৈছে সাংসদগৰাকী। শেহতীয়াকৈ কৰা কোভিড টেষ্টত ধৰা পৰে কোভিড সংক্ৰমণ। চাবুৱাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে কৰা টেষ্টত তেওঁৰ ৰিজাল্ট আহে পজিটিভ। সোনাৰিৰ বাসগৃহত হোম কোৱাৰেন্টাইনত আছে সাংসদগৰাকী।

৫. অসমত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

আকৌ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। চাবুৱাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দিনৰ প্ৰায় আঢ়ৈ বজাত চাবুৱাত আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। প্ৰধানমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে।

৬. মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী মোস্তাক মহম্মদ মকছেদুল হাছানে যোগদান কৰিব এনপিপিত

মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা মোস্তাক মহম্মদ মকছেদুল হাছানে যোগদান কৰিব এনপিপি দলত। দেওবাৰে এন পি পি দলত যোগদান কৰিব মোস্তাক মহম্মদ মকছেদুল হাছনে। নিজৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ বাবে এনপিপিত যোগদান কৰিব তেওঁ। এনপিপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম দুলাল।

৭. গুৱাহাটী মহানগৰীত বাধ্যতামূলক মাস্ক পৰিধান

পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে অসমত। পুনৰ গুৱাহাটী মহানগৰীত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক। মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা। মহানগৰীৰ ৰাজহুৱা স্থানসমূহত মাস্ক পৰিধান কৰিব লাগিব সকলোৱে। তিনি তৰপীয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। সভা, বৈঠক আদিতো মাস্ক পৰিধান কৰিব লাগিব। ব্যক্তিগত, কাৰ্যালয়ৰ বা ৰাজহুৱা বাহনতো মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।

৮. 'কা' বিৰোধিতাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে চৰাইদেউ জিলাতো ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিশাল মটৰ চাইকেল সমদল উলিয়ায়। সদৌ অসম ছাত্ৰ সন্থা আহ্বানত ছাত্ৰ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ নেতা-কৰ্মী সকলে প্ৰথমতে সোণাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মিলিত হয়। ইয়াৰ পিছত 'কা আমি নামানো' , 'আছু জিন্দাবাদ' , 'বিজেপিক মুৰ্দাবাদ' আদি শ্লোগান দি জিলাখনৰ বিভিন্ন ঠাই পৰিভ্ৰম কৰি আকাশ-বতাহ কঁপাই পৰিবেশ উত্তাল কৰি তোলে। এই কাৰ্যসূচীত জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

৯. মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ আদিত্য ঠাকৰেৰ দেহত কোভিড পজিটি

মহাৰাষ্ট্ৰত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ তথা মন্ত্ৰী আদিত্য ঠাকৰেৰ দেহত ধৰা পৰে কোভিড পজিটিভ। শনিবাৰে সন্ধিয়া টুইটাৰযোগে এই কথা জনালে খোদ আদিত্য ঠাকৰেয়ে।

১০. সৰ্থেবাৰীৰ বালাপাৰাত  জব্দ ২ লক্ষাধিক নগদ ধন

বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীৰ বালাপাৰাৰ ভাৰেগাঁও চকত শনিবাৰে বালাপাৰা আৰক্ষী আৰু এছ এছ টিয়ে চলোৱা এক তালাচী অভিযানত এগৰাকী ব্যক্তিৰ পৰা ২,২২,০০০ টকা জব্দ কৰে। ইউচুফ খালিফা নামৰ এগৰাকী ব্যক্তিৰ পৰা ধনখিনি জব্দ কৰা বুলি জানিব পৰা গৈছে । নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হৈ থকাৰ সময়ত টকাখিনি নীতি বৰ্হিভূতভাবে সৰবৰাহ কৰাৰ অভিযোগত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in