শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

পুৱাৰ খবৰ…

601

১. অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১৭৬৬৮ জনলৈ বৃদ্ধি

অসমত আকৌ ১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৬৬৮ জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত দেওবাৰে সুস্থ হয় ১৮জন লোক। অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৪৯৪৭জনলৈ বৃদ্ধি পাইছে। ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৮০জন ৰোগী। ইফালে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯৪ জনলৈ বৃদ্ধি।

২. দেওবাৰে নিশা কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা। তিতাবৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ভাস্কৰজ্যোতি বৰুৱাক। নাওবৈচনাত ভাৰত চন্দ্ৰ নৰহক দিয়া হৈছে প্ৰাৰ্থিত্ব। ঢকুৱাখানা (এছটি)ত পদ্ম লোচন দ’লেক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।

৩. তাজমহল-লালকিল্লাত মহিলাৰ বিনামূলীয় প্ৰৱেশ

তাজমহল, লালকিল্লা আৰু কুটুব মিনাৰত মহিলাৰ বিনামূলীয়া প্ৰৱেশ। এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে। অৱশ্যে ৮মাৰ্চৰ আন্তৰাষ্ট্ৰীয় মহিলা দিৱসৰ সৈতে সংগতি ৰাখিহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৮মাৰ্চৰ দিনটোত মহিলাসকলে এই তিনিস্থানত টিকটৰ বাবদ কোনো ধন পৰিশোধ নকৰাকৈ প্ৰৱেশ কৰিব পাৰিব। উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় মহিলা দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ বিশ্বতে বিশেষভাৱে সন্মান প্ৰদৰ্শন কৰা হয় মহিলাসকলক।

৪. টিএমচিৰ ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

তৃণমূল কংগ্রেছৰ ১৬জনীয়া প্রাৰ্থী তালিকা প্রকাশ । হাইলাকান্দিত ছফিকুল কমল বাৰলস্কৰক প্রাৰ্থিত্ব । সোণাইত এম শান্তি কুমাৰ সিংহা, গোলকগঞ্জত ছহিদুৰ ৰহমান । বিলাসিপাৰা পশ্চিমত আব্দুৰ ৰেজাক শ্বেইখ । বিলাসিপাৰা পশ্চিমত আব্দুৰ ৰেজাক ছেইখ ।

৫. ৱেষ্ট বেংগলত প্ৰধানমন্ত্ৰীৰ জনসভা

পশ্চিম বংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল জনসভা সম্বোধন । কলকাতাৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয় এই জনসভা । পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে বুলি মন্তব্য কৰে মোডীয়ে । বংগৰ বিকাশৰ আশ্বাস দিবলৈ মই ইয়ালৈ আহিছো জনসভা এই মন্তব্য প্ৰধানমন্ত্ৰী গৰাকীৰ । বংগত বৃদ্ধি কৰা হ’ব বিনিয়োগ : নৰেন্দ্ৰ মোডী । বংগৰ সংস্কৃতিৰ সুৰক্ষা আৰু পৰিৱৰ্তন আনিব বুলি আশ্বাস প্ৰদান কৰে মোডীয়ে ।

৬. ৰাইজৰ দলত আমছুৰ আজিজুৰ ৰহমানৰ যোগদান

ৰাইজৰ দলত যোগদান কৰে আমছুৰ এজন নেতাই। দেওবাৰে আমছুৰ নেতা জনে যোগদান কৰে দলটোত। ৰাইজৰ দলৰ মঠঘৰীয়াত থকা কেন্দ্ৰীয় কাৰ্যালয়ত যোগদানৰ অনুষ্ঠান অনুষ্ঠিত হয় । আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে যোগদান কৰে দলটোত। নাওবৈচাৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা ৰাইজৰ দলৰ।

৭. সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত মহাজোঁটৰ বৈঠকৰ মাজতে উত্তপ্ত পৰিস্থিতি

সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি। তাতে অনুষ্ঠিত হৈ আছিল মহাজোঁটৰ বৈঠক। হতাহতিত লিপ্ত হয় দুই পক্ষ। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এআইইউডিএফক সমষ্টি এৰি দিয়াক লৈ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। একাংশ নাৰাজ কংগ্ৰেছ কৰ্মীয়ে স্প্ৰীং ভেলীৰ বাহিৰত সৃষ্টি কৰিছে এই উত্তপ্ত পৰিস্থিতি। সাংসদ গৌৰৱ গগৈয়ে শান্ত কৰে উত্তপ্ত কংগ্ৰেছ কৰ্মীসকলক।

৮. অগপ আৰু অজাপৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

অসম গণ পৰিষদে ঘোষণা কৰিলে প্রথমখন প্ৰাৰ্থীৰ তালিকা। এই তালিকাখনত ৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থীসকলৰ নাম উল্লেখ কৰা হৈছে। ইফালে দেওবাৰে অসম জাতীয় পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। দ্বিতীয় খন তালিকাত ৫০টা সমষ্টিত প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে দলটোৱে।

৯. হাৰমতীত জব্দ সুৰাভৰ্তি ট্ৰাক

বান্দৰদেৱাৰ সমীপৰ হাৰমতীত আবকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত তালাচীত জব্দ কৰে এখন সুৰা কঢ়িওৱা ট্ৰাক। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এএছ১৮চি৪০২৭। জব্দ কৰা ট্ৰাকখনৰ পৰা বৃহৎ পৰিমানৰ সুৰা জব্দ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, আবকাৰীয়ে জনোৱা মতে- ৬৩০ কাৰ্টন অৰুণাচলী সুৰা বান্দৰদেৱাৰ পৰা অৰুণাচলৰ মেচুকালৈ কঢ়িয়াই নিছিল ট্ৰাকখনে। বিধিগতভাবে জিপিএছ আৰু কন্টেইনাৰ নথকাৰ বাবেই আবকাৰীয়ে জব্দ সুৰা পৰিবাহী ট্ৰাকখন।

১০. বটদ্ৰৱা সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব লাভ আঙুৰলতাৰ

বটদ্ৰৱা সমষ্টিৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই পুনৰ প্ৰাৰ্থিত্ব লাভৰ পিছতেই বটদ্ৰৱা সমষ্টিত বিশাল ৰেলীৰে দেওবাৰে প্ৰথমবাৰলৈ সমষ্টিলৈ আহে। আঙুৰলতা ডেকাৰ আগমনত নাচি বাগি আনন্দ উল্লাস কৰি সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকে বাৰপূজrয়া চাৰিআলিৰ পৰা নিজৰ সমষ্টিলৈ আদৰি আনে। বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্রান্তৰ দলীয় কৰ্মী সমৰ্থক সকলে ব্যাপক আনন্দ উল্লাস কৰি নাচি বাগি নাম গুণ গায় ঢোলে দগৰে আদৰণি জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি