পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৩৭জনলৈ বৃদ্ধি

অসমত আকৌ ১০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৩৭জনলৈ বৃদ্ধি পাইছে। দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৫জন লোক। এতিয়ালৈকে অসমত সুস্থ হৈ ঘৰলৈ উভতা লোকৰ সংখ্যা ২১৪৮৩০জনলৈ পাইছে বৃদ্ধি। ইফালে, ৰাজ্যত চিকিৎসাধীন হৈ আছে ২৬৮জন ৰোগী। উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৯২জন লোকৰ।

২. সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিযংকা গান্ধী। সোমবাৰে অসমত উপস্থিত হবহি প্ৰিয়ংকা গান্ধী। ২মাৰ্চত তেজপুৰত এক ৰেলীত অংশ লব প্ৰিয়ংকা গান্ধীয়ে। উল্লেখ্য যে, এই দুটা দিনত কেইবাখনো জনসভাত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।

৩. ম্যানমাৰত সেনা আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, নিহত ১৮জন লোক

চুবুৰীয়া ৰাষ্ট্ৰত ম্যানমাৰত দেওবাৰে বিয়লি ষ্টেট কাউন্সিলৰ আঙ চান চ্যু কীৰ মুক্তিৰ আৰু গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ দাবীত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী ওপৰত ম্যানমাৰ আৰক্ষী আৰু সেনাই চলোৱা গুলীবৰ্ষণ অতি কমেও ১৮ জনলোক নিহত হোৱাৰ লগতে অন্য ৩০ লোক গুৰুত্বভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

৪. সোমবাৰে নতুন দিল্লী অভিমুখে ৰাওনা হ'ব অগপৰ প্ৰতিনিধি দল

অতুল বৰাৰ বাসগৃহত অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। কাৰ্যনিৰ্বাহক সমিতিৰ কেইবাগৰাকীও নেতাই কৰে অংশগ্ৰহণ এই বৈঠকত। সোমবাৰে নতুন দিল্লীলৈ উৰা মাৰিব অসম গণ পৰিষদৰ প্ৰতিনিধি দল। অগপৰ দখলত থকা ১৪টা সমষ্টি বিচৰাৰ সম্ভাৱনা।

৫. ১ মাৰ্চৰ পৰা দিল্লীত কোভিড ভেকচিন কৰা হ'ব প্ৰদান

দিল্লীত ৬০ বছৰ উৰ্ধৰ আৰু ৪৫ বছৰ উৰ্ধ বয়সৰ পুৰণি জটিল ৰোগত আক্ৰান্ত লোকসকলক ১ মাৰ্চৰ দিনৰ ১২ বজাৰ পৰা কোভিড ভেকচিন প্ৰদান কৰা হ'ব। ৰাজ্যখনৰ মুঠ ১৯২ খন হাস্পতালত থাকিব এই ভেকচিনসমূহ। ইয়াৰে ভিতৰত ১৩৬খন ব্যক্তিগত চিকিৎসালয়, য'ত কোৰোনা ভোকচিনৰ প্ৰতিটো ড'জৰ বাবে দিব লাগিব ২৫০ টকা।

৬. বিবাহৰ দিনাই যুৱকৰ মৃতদেহ উদ্ধাৰ

বিবাহৰ দিনাই নুমলীগড়ৰ ধনশিৰি নদীৰ পৰা কমাৰগাঁও আৰক্ষীয়ে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত। মৃতদেহটো বোকাখাতৰ মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী দিপাংকৰ দাসৰ বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, দেওবাৰে বিবাহৰ দিন আছিল মৃত দিপাংকৰৰ ৷

৭. নলবাৰীত লুৰীণজ্যোতি গগৈৰ ওপৰত আক্ৰমণ

লুৰীণজ্যোতি গগৈৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ। পুলকেশ বৰুৱাৰ সৈতে আছিল লুৰীণজ্যোতি গগৈ। বৰক্ষেত্ৰীৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল তেওঁ। বাঁহজানীলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা। নলবাৰীৰ কালাগত আক্ৰমণ কৰে দুৰ্বৃত্তই। এই আক্ৰমণত কথমপি ৰক্ষা পৰে লুৰীণজ্যোতি গগৈ।

৮. কৃষকসকলক ৰাজনৈতিক দলসমূহে প্ৰতাৰণা কৰিছে…

নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদ যোৱা প্ৰায় তিনি মাহে অব্যাহত আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়- 'কৃষকসকলক সকলো ৰাজনৈতিক দলেই প্ৰতাৰণা কৰিছে। কৃষকসকলে উৎপাদিত সামগ্ৰীসমূহৰ বাবে উচিত মূল্য বিচাৰিছে। প্ৰতিটো দলেই ঘোষণাপত্ৰত নিৰ্বাচনৰ পূৰ্বে কয় যে, আমি ফচলৰ উচিত মূল্য দিম আৰু ঋণ মাফ কৰি দিম। যোৱা ২৫ বছৰত ৩.৫ লাখ কৃষকে আত্মহত্যা কৰিছে। কোনো ৰাজনৈতিক দলেই চিন্তা নকৰে কৃষকসকলৰ বাবে।

৯. মহাজোঁটৰ সৈতে সংবাদমেলত হাগ্ৰামা মহিলাৰী

মহানগৰীৰ হোটেল ছিগনেট ইনত মহাজোঁটৰ সৈতে সংবাদমেলত অংশ ললে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কাষত ৰিপুন বৰা আৰু অন্যান্য দলীয় নেতাসকলক লৈ হাগ্ৰামাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়, ২০২১ৰ ১০০ৰো অধিক আসনেৰে আমিয়েই অসমত চৰকাৰ গঠন কৰিম।

১০. ইছৰ'ৰ পি এছ এল ভি- চি৫১ উৰিল মহাকাশলৈ

২০২১ৰ আৰম্ভনিতে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ ইছৰোৰ এক বৃহৎ সফলতা। দেওবাৰে পুৱা ১০.২৪বজাত অন্ধ্ৰ প্ৰদেশৰ হৰিকোটাৰ পৰা মহাকাশলৈ উৰিল পি এছ এল ভি- চি৫১। এই পি এছ এল ভি- চি৫১ৱে আমজেনিয়া-১ আৰু অন্য ১৮টা চেটেলাইট কঢ়িয়াই উৰিল মহাকাশলৈ। ইছৰোয়ে সদৰি কৰা মতে, পি এছ এল ভি- চি ৫১ হৈছে পি এছ এল ভি মিছনৰ ৫৩সংখ্যাক পদক্ষেপ। আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি ঘোষণা কৰে ইছৰোৱে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in