পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১৭৪৫৪জনলৈ বৃদ্ধি

অসমত আকৌ ২৭জন কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২১৭৪৫৪জনলৈ বৃদ্ধি। ৰাজ্যত বুধবাৰে ২৫জন লোক সুস্থ হয়। এতিয়ালৈকে ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২১৪৭৫৭জনলৈ বৃদ্ধি পাইছে। ইফালে, চিকিৎসাধীন হৈ আছে ২৫৯জন ৰোগী। উল্লেখ্য যে, এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯১জনলৈ বৃদ্ধি পাইছে।

২. কলকাতাত উপস্থিত জে পি নড্ডা

পশ্চিমবংগত বুধবাৰে নিশা উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ জে পি নড্ডা। ৰাজ্যখনৰ কলকাতাত উপস্থিত হয় তেওঁ। নিৰ্বাচনী সভা, ৰেলীত অংশগ্ৰহণৰ উদ্দেশ্যেৰে কলকাতাত উপস্থিত হয় জে পি নড্ডা।

৩. নাৰায়ণপুৰত অখিল গগৈৰ মুক্তিৰদাবীত ৰাইজৰ দলৰ প্ৰতিবাদ

কাৰাৰুদ্ধ অখিল গগৈক মুক্তিৰ দাবীত নাৰায়ণপুৰত ৰাইজৰ দলৰ বৃহৎ প্ৰতিবাদী সমদল ৷ দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপ শইকীয়াৰ নেতৃত্বত সহস্ৰাধিক দলীয় সমৰ্থকে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাতে হাতে দলীয় পতাকা লৈ অখিল গগৈক মুক্তি দিয়ক,ৰাইজৰ দল জিন্দাবাদ,বিজেপি হুচিয়াৰ,সৰ্বানন্দ সোনোৱাল গ'বেক,হিমন্ত বিশ্ব শৰ্মা গ'বেক,আদি প্ৰতিবাদী শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ।

৪. বুধবাৰে প্ৰয়াত সাংবাদিক পৰাগ কুাৰ দাসৰ জন্মদিনত তেওঁক স্মৰণ

বুধবাৰে প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিন । পৰাগ কুমাৰ দাসৰ এই ওপজা দিনটোত ৰাজ্য বাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে । ৰাজগড়ত থকা পৰাগ কুমাৰ দাসৰ স্মৃতি সৌধত প্ৰয়াত সাংবাদিক গৰাকীৰ পত্নী পূৰবী দাসে বন্তি প্ৰজ্জ্বলন কৰে ।

৫. ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধএ কংগ্ৰেছৰ প্ৰতিবাদ

বৰ্ধিত পে'ট্ৰল-ড্ৰিজেলৰ মূল্য বৃদ্ধি হোৱৰ ফলত কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বুধবাৰে লামডিঙতো কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ লামডিঙৰ পুনম পে'ট্ৰল এজেঞ্চিত কংগ্ৰেছে বুধবাৰে পে'ট্ৰল-ড্ৰিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ বাবে বিজেপী চৰকাৰ হায় হায়, বিজেপী চৰকাৰ গ' বেক ধ্বনিৰে উত্তাল কৰি তোলে ৷

৬. মৰিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

মৰিগাওঁৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। ভূৰবন্ধাত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ৰমেচ গগৈ নামৰ যুৱ ব্যৱসায়ীজনৰ দোকানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিত জাহ কেইবা লক্ষাধিক টকাৰ সামগ্রী।

৭. বৃহস্পতিবাৰে অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী

বৃহস্পতিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনৰ পূৰ্বে সঘনাই অসমলৈ আহি আছে বহু হাইপ্ৰফাইল নেতা। বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে। মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞটো অংশ ল'ব তেওঁ। কাৰ্বি আংলঙৰ ডেন গাঁৱৰ বিশাল জনসভাতো ভাগ ল'ব তেওঁ।

৮. এছ আই কেলেংকাৰীঃ আৰু দুজনক গ্ৰেপ্তাৰ

পুনৰ চৰ্চালৈ আহিছে এছআই কেলেংকাৰীৰ প্ৰসংগ। উপ-পৰিদৰ্শক নিয়োগ পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে আন দুজন অভিযুক্তক। অভিযুক্ত উপ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণৰ সহযোগী অমৰজ্যোতি লহকৰ আৰু দেহৰক্ষী দীপজ্যোতি শালৈক মঙলবাৰে সন্ধিয়া আটক কৰিছে আৰক্ষীয়ে।

৯. নিউ গুৱাহাটী কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয় মুকলি

বুধবাৰে নিউ গুৱাহাটী কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো মুকলি কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চানমাৰী ক'লনীত নতুনকৈ নিৰ্মান কৰা হৈছিল কাৰ্যালয়টো । অনুষ্ঠানত কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু উপস্থিত থাকে । ২ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হৈছে এই কাৰ্যালয়টো । গুৱাহাটী আৰু অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰনত আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

১০. সন্ধানহীন বোকাখাতৰ চিআৰপিএফ জোৱান

বোকাখাতৰ চিআৰপিএফ জোৱান সন্ধানহীন । সন্ধানহীন জোৱানজন ১ নং বহিখোৱাৰ জয়ন্ত দলে । কৰ্মস্থানৰ পৰা নিজ গৃহলৈ অহাৰ পথত গুৱাহাটীৰ পৰা সন্ধানহীন জোৱানজন । জন্মু কাশ্মীৰৰ শ্রী নগৰত কৰ্মৰত আছিল জোৱানজন । ২২ ফেব্রুৱাৰীৰ পৰাই সন্ধানহীন জোৱানজন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in