পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১৭৪০৬জনলৈ বৃদ্ধি

অসমত আকৌ ১৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা  ২১৭৪০৬জনলৈ বৃদ্ধি পাইছে।  সোমবাৰে অসমত সুস্থ হয় ১৮জন লোক।  এতিয়ালৈকে আৰোগ্য হৈছে ২১৪৭১২জন লোক।  ইফালে, চিকিৎসাধীন হৈ আছে ২৫৬জন ৰোগী।  উল্লেখ্য যে, এতিয়ালৈকে অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯১জনলৈ বৃদ্ধি পাইছে।

২. অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ দাবীত দৰং জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন, নামনি সোৱণশিৰিকে ধৰি বৃহৎ নদী বান্ধৰ নিৰ্মাণৰ কাম বন্ধ কৰা আৰু বান-গৰাখহীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীত সদৌ দৰং জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। লগতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন, বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা, বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰাৰ দাবীত তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।

৩. নলবাৰীত জীৱন শিল্পী দিৱস পালন

অসমৰ চিত্ৰ শিল্প জগতৰ মহীৰূহ স্বৰূপ আদ্য শৰ্মাৰ মৃত্যু দিনটো সোমবাৰে নলবাৰী আৰ্ট স্কুলৰ উদ্যোগত 'জীৱন শিল্পী দিৱস' হিচাপে পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি নলবাৰী আৰ্ট স্কুলে প্ৰতিবছৰে প্ৰদান কৰি অহা 'জীৱন শিল্পী আদ্য শৰ্মা বটাঁ-২০২১' প্ৰখ্যাত পুতলা নাচৰ শিল্পী নলবাৰী জিলাৰ বাহঁজানী অঞ্চলৰ গোসাঁইখাট চুবুৰিৰ গোবিন্দ তালুকদাৰক আগবঢ়োৱা হয়। লগতে স্থানীয় বিধায়ক অশোক শৰ্মাৰ প্ৰচেষ্টাত গুৰুজী আদ্য শৰ্মা পাৰ্কত আদ্য শৰ্মাৰ এটি বাৰ ফুট ওখ পূৰ্ণাংগ মূৰ্তি প্ৰতিষ্ঠা কৰা হয়।

৪. ৰন্ধন গেছ, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ৰন্ধন গেছ, পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে কংগ্ৰেছ দলৰ প্ৰতিবাদ। সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে ৰন্ধন গেছ, পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মানকাচৰত গেছৰ চিলিণ্ডাৰলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে।

৫. কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত আছাম ডাউন টাউন ইউনিভাৰ্ছিটীৰ ভূমিকাৰ বাবে প্ৰদান প্রশংসা পত্ৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে শনিবাৰে ৰাজ্যত কোভিড-১৯ বিৰোধী যুঁজত আছাম ডাউন টাউন বিশ্ববিদ্যালয়ে লোৱা ভূমিকাৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই প্রশংসা পত্ৰ। বিশ্ববিদ্যালয়খনৰ উপ পঞ্জীয়ক (শিক্ষাবিদ) নিতুল জ্যোতি দাসে গ্ৰহণ কৰা এই প্ৰশংসা পত্ৰ।

৬. জ্যোতিপ্ৰসাদ আগৰৱালা সাংবাদিক বঁটা প্ৰদান

বিগত বৰ্ষৰ দৰে এইবাৰো পূৰ্ৱোত্তৰ প্ৰান্তীয় মাৰোৱাৰী যুৱ মঞ্চই উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ সাহিত্য, সাংবাদিক আৰু সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলক বিশেষ ভাৱে সন্মান জনাই আহিছে। এই বর্ষৰ বাবে পূৰ্বোত্তৰ প্ৰান্তীয় মাৰোৱাৰী যুৱ মঞ্চই সাংবাদিক ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কর্মী অপূৰ্ব বল্লভ গোস্বামীলৈ "জ্যোতিপ্ৰসাদ আগৰৱালা সাংবাদিক বঁটা" আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

৭. বৰষা ৰাণী বিষয়া-ভাস্কৰৰ বিয়া

অৱশেষত সম্পন্ন হ'ল বৰষা-ভাস্কৰৰ বিয়া। মায়ঙৰ ঐতিহাসিক গৰঙা মন্দিৰত বৰমালা পিন্ধাই ভাস্কৰে অধাংগিনী হিচাপে স্বীকৃতি দিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক। বৰষা-ভাস্কৰৰ বিয়া সম্পন্ন হোৱাৰ পাছতে এতিয়া ছচিয়েল মিডিয়া ভৰি পৰিছে অসংখ্য অনুৰাগীৰ শুভেচ্ছাবাণীৰে। সকলোৱে বৰষা-ভাস্কৰক যুগ্মজীৱনৰ বাবে জনাইছে অফুৰন্ত শুভকামনা।

৮. চিলাপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। চিলাপথাৰত অৱতৰণ প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ। ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। লগতে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

৯. বিগ বছৰ বিজয়ী অভিনেত্ৰী ৰুবীকা দিলে

দেশৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব বিগ বছৰ ১৪নং সংস্কৰণৰ চূড়ান্ত বিজয়ী হিচাপে ঘোষিত হল সৰু পৰ্দাৰ মোহময়ী অভিনেত্ৰী ৰুবীকা দিলেক। শ্বটোৰ পৰিচালক অভিনেতা চলমান খানে ৰুবীকাৰ নাম ঘোষণা কৰাৰ পাছতে কোটি কোটি অনুৰাগীৰ শুভেচ্ছাবাণীৰে ভৰি পৰে ৰুবীকা ছচিয়েল মিডিয়া।

১০. নাইজেৰিয়াত দুৰ্ঘটনাত পতিত বিমান

নাইজেৰিয়াত দুৰ্ঘটনাত পতিত হৈছে এখন বিমান। দুৰ্ঘটনাগ্ৰস্ত এই বিমানখন আছিল নাইজেৰিয়া সেনাৰ। ৰাজধানী চহৰ আবুজাৰ এটা বন্দৰৰ পৰা উৰণৰ পাছতে সংঘটিত হয় এই দুৰ্ঘটনা। বৰ্তমানলৈ নিহত হৈছে ৭গৰাকীলৈ লোক। ইঞ্জিন বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি সদৰি কৰিছে সেনাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in