পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৪৫৫জন কোভিড পজিটিভ। ইয়াৰে ৮৪জন কামৰূপ মেট্ৰ'ৰ, ৫২জন গোলাঘাটৰ, ৪২জন যোৰহাটৰ আৰু ২৯জন বৰপেটাৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৮৪২৩জনলৈ পাইছে বৃদ্ধি। ৰাজ্যত সোমবাৰৰ দিনটোত সুস্থ হয় ৫১৭জন লোক। ইয়াৰ বিপৰীতে উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১০জনৰ মৃত্যু হয়। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৬৩৭জন ৰোগী।

২. নাৰী দেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী বিষয়া । মহানগৰীৰ বশিষ্ঠৰ চিআইডি আবাসী গৃহত এতিয়া নাৰী দেহৰ ৰমৰমীয়া  ঘাটি। মহানগৰীৰ বশিষ্ঠত আৰক্ষী বিষয়াৰ ঘৰতেই নাৰীদেহৰ চক্ৰ উৎখাত। কমলুদ্দিন আহমেদ নামৰ আৰক্ষী বিষয়জনৰ ঘৰত উৎখাত নাৰী দেহ চক্ৰ । লগতে উদ্ধাৰ হৈছে এডাল কেকো  সাপ। স্থানীয় লোকৰ অভিযোগ দীর্ঘদিন ধৰি বিষয়া জনৰ ঘৰত চলাই আছে নাৰী দেহৰ ব্যৱসায়। মায়ঙৰ পৰা অনা এগৰাকী যুৱতীয়ে পোহৰলৈ এনে ঘটনাটো । কামলুদ্দিন আহমেদ নামৰ  আৰক্ষী বিষয়া গৰাকী এছবি ব্ৰাঞ্চত কৰ্মৰত । মহানগৰীৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত কাম দিয়াৰ চলেৰে যুৱতী সমূহক আনি দেহ ব্যৱসায় চলাই গৈছিল ধৃত কামলুদ্দিনে ।

৩. ৰাজ্যৰ কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিগত এবছৰ ধৰি বন্ধ হৈ আছে চিনেমা হলসমূহ। উলস্বৰূপে এই হলসমূহৰ মালিৰ পক্ষৰ লগতে ইয়াৰ লগত জড়িত কৰ্মচাৰী আৰু আন্যান্য বহুতৰে অৱস্থা পুতৌজনক হৈ পৰিছে। যাৰ বাবে চিনেমা হলসমূহ খুলি দিবলৈ হলসমূহৰ মালিক আৰু কৰ্মচাৰীসকলে দাবী কৰিছে। কেৱল দাবী কৰাই নহয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে এক পৰিস্থিতিৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিনেমা হল খোলাৰ সন্দৰ্ভত কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য।তেওঁ হলসমূহ পুনৰ মুকলিৰ ক্ষেত্ৰত অসম চৰকাৰে আগন্তক অক্টোবৰ মাহত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে,  চলিত মাহৰ কোভিদ পৰিস্থিতি লক্ষ্য কৰিহে চিনেমা গৃহ পুনৰ খুলি দিয়াৰ সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।

৪. বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুকলিকৈ জ্বলিব গঁড়ৰ খৰ্গ। এই লৈ এতিয়া বোকাখাতৰ ৰাজহুৱা খেলপথাৰ চলিছে ব্যাপক আয়োজন।অহা ২২ চেপ্তেম্বৰ অৰ্থাৎ বুধবাৰে "বিশ্ব গঁড় দিৱস"ৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত দাহ কৰা হ'ব এইসল খৰ্গসমূহ। উল্লেখ্য যে এই খৰ্গসমূহ বন বিভাগে বিভিন্ন সময়ত বিশ্ব ঐতিৰ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য উৎসৰ পৰা উদ্ধাৰ কৰিছিল। এই দাহন কাৰ্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টাকৈ গেছ চালিত চৌকা সংস্থাপন কৰা হৈছে। নিৰ্মান কৰা হৈছে সভা থলী ৷

৫. পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীয়ে ল'লে শপত। ৰাজ্যপালে পাঠ কৰোৱালে শপত বাক্য। নতুন মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিল ৰাহুল গান্ধী। উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ ৰান্ধাৱা আৰু অ পি ছনীক উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।

৬.  বিগত ২৪ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩০হাজাৰ ২৫৬গৰাকী লোক। বিগত ২৪ঘন্টাত ৪৩হাজাৰ ৯৩৮গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে। দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছে ৩,১৮,১৮১ বিগত ২৪ঘন্টাত ভাৰতত ৩৭লাখ লোকক প্ৰদান কৰা হৈছে ভেকচিন।

৭. শোণিতপুৰৰ চাৰিদুৱাৰত ড্রাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা। আৰক্ষীয়ে ৩লাখ টকাৰ ড্রাগছসহ আটক কৰিছিল ৩জনক। ধৃত ড্রাগছ মাফিয়া ৰুহুল আমিন, ৰাজিবুৰ, নুৰজামাল হক। সোধা-পোছা কৰি থকা সময়তে পলাবলৈ চেষ্টা ৰুহুল আমিনৰ। ৰুহুলক ভৰিত গুলিয়াই আৰক্ষীয়ে। আহত ৰুহুল আমিনক তেজপুৰ চিকিৎসালয়লৈ প্রেৰণ।

৮. দেওবাৰে নিশা বোকাখাতৰ নাহৰজানত একে স্থানতে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। প্ৰতক্ষ্যদৰ্শীৰ ভাষ্য মতে, বোকাখাতৰ গড়মূৰ যাত্ৰা চাৰ্ভিচিং চেন্টাৰৰ সমীপত ৰখাই থোৱা AS 09 AC 4256 নম্বৰৰ এখন ট্ৰাকৰ পাছফালে AS 03 K 7320 নম্বৰৰ এখন গ্লেমাৰ মটৰ চাইকেলে খুন্দা মৰাৰ ফলত সংঘটিত হয় প্ৰথমটো দুৰ্ঘটনা। ফলত বাইখনৰ আৰোহী বিকি দাস নামৰ যুৱকজন ঘটনাস্থলীতে নিহত হয়। মৃত যুৱকজন ৰজাবাৰী ভকত চাপৰিৰ বুলি জানিব পৰা গৈছে। ইফালে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২৫ মিনিটৰ পাছতেই একে স্থানতেই মেজিক, আই টেন আৰু চেভেলেটৰ মাজত হোৱা পৰস্পৰ সংঘৰ্ষত আনটো দুৰ্ঘটনা সংঘটিত হয়।

৯. বটদ্ৰৱা আৰক্ষীয়ে সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। আৰক্ষীৰ অভিযানত নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী কদমনিৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনক আটক কৰে। কদমনি বজাৰত থকা পান দোকানত এইজন ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনে দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল। সোমবাৰে নিশা গোপন খবৰৰ ভিত্তিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ স্থানীয় কৰ্মীৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই কদমনিৰ পৰা নিষিদ্ধ ড্ৰাগছ, বিলাতী সুৰা সহ আমিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয় যদিওঁ আন এজন ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনৰ সহযোগী ছিদ্দিক আলীয়ে পলায়ন কৰে।

১০. আই পি এলৰ অন্যতম জনপ্ৰিয় ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দেওবাৰে ঘোষণা কৰিছে আই পি এলৰ ২০২১ ছিজনৰ সমাপ্তিৰ পিছত বিৰাট কোহলীয়ে অধিনায়কৰ পদ ত্যাগ কৰিব। দলটোৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আপলোড কৰা এটা ভিডিঅ'ত বিৰাটে কৈছে, গোটেই আৰ চি বি পৰিয়াল, বাংগালোৰৰ অনুৰাগীৰ লগতে আমাক সমৰ্থন কৰা সকলোকে নমস্কাৰ। মই এটা ঘোষণা কৰিব লাগিব। মই আজি (দেওবাৰে) সন্ধিয়া মেনেজমেণ্টৰ সৈতে কথা পাতিছো আৰ চি বিৰ অধিনায়ক হিচাপে এইটো মোৰ অন্তিম আই পি এল হ'ব। মই মোৰ অন্তিমখন আই পি এল খেল নখেলালৈকে আৰ চি বিৰেই খেলুৱৈ হৈ থাকিম। মোৰ ওপৰত বিশ্বাস কৰা আৰু মোক সমৰ্থন কৰাৰ বাবে মই আৰ চি বিৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in