পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৩০৮জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১০৯জন কামৰূপ মেট্ৰ'ৰ, ২৪জন শোণিতপুৰৰ, ২২জন বৰপেটাৰ আৰু ২২জন লখিমপুৰৰ। বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৮২জন লোক। ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ১জনৰ মৃত্যু। এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৬৩জন ৰোগী।

২. কাছাৰৰ জিৰিঘাটত ৩ কোটি টকাৰ হেৰ'ইন জব্দ। হেৰ'ইনসহ মণিপুৰী দম্পতীক গ্রেপ্তাৰ জিৰিঘাট আৰক্ষীৰ। MN-01 AG 7996 নম্বৰৰ এখন ইক' ভান বাহনত আনিছিল হেৰ'ইনখিনি। চাৰিটা চাবোনৰ বাকচত প্রায় ৫০০ গ্রাম হেৰ'ইন জব্দ। ধৃতদ্বয় য়ুমান্নাম ৰাজেশ সিং, ক্লেয়াৰ শিলেলিয়াম সিং।

৩. অসমৰ বাবে আন এক সুখৰ খবৰ। অসম সন্তান আস্থা চৌধুৰীয়ে গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্য তথা অসমবাসীলৈ। সাঁতোৰত অসমৰ আস্থা চৌধুৰীৰ সোণৰ পদক অৰ্জন কৰিছে। মহিলা ১০০ মিটাৰ বাটাৰফ্লাই শাখাত এই সাফল্য।

৪. লক্ষ্মী পূজাৰ আনন্দৰ মাজতে বাক্সাৰ ডুমুনী চ'কত পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত এজনৰ ঘটনাস্থলীতে মৃত্যু। মৃত লোকজন সুৱনশ্রী গাঁৱৰ কমলা কলিতা (৬২)। সংকটজনক অৱস্থাত ৰাজীৱ ৰয় নামৰ এজনক চিকিৎসালয়ত ভৰ্তি। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা বাহনখনৰ পলায়ন।

৫. বৰাক কাণ্ডৰ অভিযোগত গ্রেপ্তাৰ হোৱা দুই বাঙালী নেতাক মুক্তি। সমৰ দাস আৰু ৰাজু দেৱক জামিনত মুক্তি আদালতৰ। অসমীয়া পোষ্টাৰত ক'লা ৰং সনাৰ অভিযোগত গ্রেপ্তাৰ হৈছিল দুই নেতা। শিলচৰ ৰে'ল ষ্টেচন, ISBTত জল জীৱন আঁচনিৰ পোষ্টাৰত সানিছিল ক'লা ৰং।

৬. দিনকদিনে বৃদ্ধি পাই গৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য। ২২অক্টোবৰৰ পৰা গুৱাহাটীত ৪৮ঘণ্টাজোৰা পেট্র'ল পাম্প বন্ধ। ২২তাৰিখে পুৱা ৬বজাৰ পৰা ২৪অক্টোবৰৰ পুৱা ৬বজালৈ বন্ধ ঘোষণা। উত্তৰ-পূব ভাৰত পেট্র'লিয়াম বিতৰণ সংস্থাৰ এই ঘোষণা।

৭. ৰাজ্যৰ প্ৰশাসনত সালসলনি। কেন্দ্ৰীয় ডেপুটেশ্যনত থকা আই এ এছ বিষয়া ড০ আশীষ কুমাৰ ভূটানীক কৃষি বিভাগৰ প্ৰিন্সিপাল চেক্ৰেটেৰী হিচাপে দায়িত্ব প্ৰদান। ইয়াৰোপৰি ভূটানিক এ আৰ আই এ এছ চ'ছাইটিৰ প্ৰজেক্ট ডিৰেক্টৰ হিচাপেও অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে এ আৰ আই এছ চ'ছাইটিৰ সঞ্চালক বিনোদ চেশানক মেডিকেল লিভ প্ৰদান কৰা হৈছে। কৃষি, পশু পালন, ভেটেনিয়াৰী বিভাগৰ চেক্ৰেটেৰী অনন্ত লাল জ্ঞানীক কৃষি বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে। এই দায়িত্বতো আছিল বিনোদ চেশান।

৮. ইবাৰৰ পিছত সিবাৰ খাৰিজ হৈছে বাদশ্বাহ খ্যাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদন। মুম্বাই আৰ্থাৰ ৰোড জেলত ৮ অক্টোবৰৰ পৰা আছে শ্বাহৰুখৰ পুত্ৰ।নাৰ্কোটিকছ কণ্ট্ৰ'ল ব্যুৰ চমুৰৈ এন চি বিয়ে ড্ৰাগছ সংক্ৰান্তিয় গোচৰত ৩ অক্টোবৰত সমুদ্ৰৰ মাজৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান সহ ৮ জনক। তাৰ পাছত আদালতৰ দুৱাৰে দুৱাৰে ঘূৰিছে শ্বাহৰুখ খান। নামি-দামী অধিবক্তা নিযুক্তি দিছে শ্বাহৰুখ খানে। কিন্তু কোনেও কাৰাগাৰৰ পৰা মুকলি কৰিব পৰা নাই শ্বাহৰুখৰ পুত্ৰক।

৯. ভাৰতীয় ৰেল বিভাগৰ Passengers Service Committeeৰ এটি দলে বুধবাৰে বৰপেটাৰোড ৰেল ষ্টেচন পৰিদৰ্শন কৰে৷ সমিতিত অসমৰ প্ৰণৱ বৰুৱা, বিহাৰৰ প্ৰমোদ সিং আৰু জম্মুৰ জিতেন্দ্ৰ ভগত আছে। ইতিমধ্যে মঙলবাৰে ৰঙিয়া আৰু বঙাইগাঁও ৰেলষ্টেচন পৰিদৰ্শন কৰা দলটোত আছিল তিনিজন সদস্য ৷ দলটোৱে বৰপেটাৰোড ৰেল ষ্টেচনত যাত্ৰী সকলৰ বাবে উপলব্ধ হবলগীয়া সা- সুবিধাবোৰ আছে নে নাই তাৰ বুজ লয় ৷

১০. আজি ধন -ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা। শাৰদীয় দুৰ্গোৎসৱৰ পিছতেই কাতি বিহু উদযাপন কৰি প্ৰফুল্লিত মনেৰে অসমীয়াই আজি লক্ষ্মীক আৰধনা কৰে। দৱী লক্ষ্মীৰ আশীৰ্বাদ হলে ভক্তৰ জীৱন সমৃদ্ধিশালী হয় বুলি এক ধাৰণা বা লোক বিশ্বাস আছে। এই বিশ্বাসক সাৰোগত কৰিয়েই দেৱীৰ আশীষ বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভক্তসকলে মহালক্ষ্মীক আৰধনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in