পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

১. চাৰিসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন পালে ৰঞ্জন দৈমাৰীয়ে। শান্তি আলোচনাত ভাগ লোৱাৰ বাবে জামিন প্ৰদান।

২. কাশ্মীৰত মুকলি কৰা হ'ল ২জি ইন্টাৰনেট সেৱা। কিন্তু প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ৩০১টা ৱেবছাইটহে ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে।

৩. দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱা ৰঞ্জিত দাসে শনিবাৰে গ্ৰহণ কৰিব দায়িত্ব। কেবাগৰাকী মন্ত্ৰী বিধায়কৰ উপস্থিতিত হেঙেৰাবাৰীৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয়ত এক অনুষ্ঠানত দায়িত্বভাৰ গ্ৰহণ কৰিব ৰঞ্জিত দাসে।

৪. শুকুৰবাৰে নিশা ভূমিকম্পই জোকাৰি গ'ল তুৰ্কী। ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই প্ৰাণ কাঢ়িলে ১৮ জনকৈ লোকৰ।

৫. উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ। বালি খান্দি থাকোতে ২০ ফুট দ খাৱৈত ডাম্পাৰৰ সৈতে পৰি যোৱাৰ পিছতে নিহত হোৱা যুৱকজন উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ সুমন দাস(২২)।

৬. 'সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পণ এখন নাটক, আত্মসমৰ্পণৰ বাবে আত্ম প্ৰকাশ কৰিছে কিছু সন্ত্ৰাসবাদী সংগঠনে।' চামগুৰিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।

৭. ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ বাবে গুৱাহাটীত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। কেবাঠাইত নিশা চলোৱা হয় তালাচী।

৮. খেলো ইণ্ডিয়াত অসমৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িওৱা ভাস্কৰ গগৈক আমগুৰিত আদৰণি। আমগুৰিৰ চেলেং হিন্দু গাঁৱৰ নিবাসী পুতুল গগৈ আৰু ভাৰতী গগৈৰ সন্তান ভাস্কৰ গগৈ।

৯. ব্ৰাজিলৰ ৰাষ্ট্ৰপতি Jair Messias Bolsonaroক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনোৱাৰ বাবে শনিবাৰে অনুষ্ঠিত কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে ভাৰতত উপস্থিত হৈছেহি ৰাষ্ট্ৰপতিগৰাকী।

১০. 'এনচিপি নেতা উদ্ধৱ থাকৰেৰ বাসগৃহৰ পৰা আতৰোৱা নাই নিৰাপত্তা ব্যৱস্থা। প্ৰয়োজন অনুসৰি নিয়োগ কৰা হৈছে আৰক্ষীৰ লোক।' এনচিপি নেতা উদ্ধৱ থাকৰেৰ বাসগৃহৰ পৰা নিৰাপত্তা ব্যৱস্থা আতৰোৱাৰ প্ৰসংগত দিল্লী আৰক্ষীৰ প্ৰতিক্ৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in