পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন…

পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন…

ডিজিটেল সংবাদ,চামগুৰিঃ সমগ্ৰ ভাৰতবৰ্ষত ২১ দিনৰ বাবে লক ডাউন ঘোষণা হোৱাৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দিন হাজিৰা কৰা লোক সকলৰ ।দৈনিক হাজিৰা কৰি পোৱা টকাৰে পৰিয়াল পোহপাল দিয়া এই লোকসকলৰ বহু পৰিয়াল খাদ্যৰ অভাৱত ভোকে লঘোনে দিন অতিবাহিত কৰিছে যদিও এই সকলৰ কাষত সময়ে সময়ে উপস্থিত হৈছে বহু হৃদয়বান লোক।এই লোকসকলৰ কথা সময়ে,সময়ে সংবাদ মাধ্যমত বাতৰি পৰিবেশন হৈ আহিছে।

দিনে দিনে এনেধৰণৰ লোকৰ সংখ্যা বৃদ্ধি পোৱাটো অসমৰ সমাজ ব্যৱস্থাৰ বাবে শুভ লক্ষণ হিছাপে পৰিগণিত হৈছে।আজিও তেনেধৰণৰ কেইবাজনো লোকে পুৰণিগুদামৰ বিভিন্ন এলেকাত খাদ্য সামগ্ৰী বিতৰণ কৰি দৰিদ্ৰ সকলক সহায় কৰা দেখা যায়।পুৰণিগুদামৰ আগশাৰীৰ সামাজিক অনুষ্ঠান জালজৰী সন্মিলিত যুৱ মঞ্চই বৃহত্তৰ পুৰণিগুদামৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মাজত আজি খাদ্য সামগ্ৰী বিতৰণ কৰে ।

প্ৰতিষ্ঠাৰ দিন ধৰি সমাজিক উন্নয়নৰ কাম কৰি অহা জালজৰী সন্মিলিত যুৱ মঞ্চই পুৰণিগুদামৰ মুঢ়ানি ,পানীগাঁও,পদুমনি,ম'ৰাচুক,নলবৰাচুক,পথাৰআগ, গায়নবৈৰাগীচুক ,বিষয়াচুক,বৰাচুক হাতীগাঁও গড়মুৰ ,শইকীয়া চুক আদি গাঁৱৰ দুশৰো অধিক পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰশাসনৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ কৰে।

ইফালে পুৰণিগুদাম চলচলি ব্ৰাহ্মণ গাঁৱৰ বাসিন্দা তথা ৰহা আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়া টংকেশ্বৰ বৰুৱাই পুৰণিগুদাম চলচলি অঞ্চলৰ বিভিন্ন দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।থানাখনৰ এগৰাকী কনিষ্টবল তপন শইকীয়াৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ কৰি নিজৰ জন্মস্থানৰ দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াত সন্তোষ প্ৰকাশ কৰিছে দৰিদ্ৰ পৰিয়াল সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in