শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

পুৰণিগুদামত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ…

167

ডিজিটেল সংবাদ,চামগুৰিঃ কোৰোনা ভাইৰাছৰ আতংকৰ মাজতো নগাঁৱৰ বিভিন্ন অঞ্চলত চলি আছে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ ।বিভিন্ন দিন ধৰি চলি থকা এই নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পুৰণিগুদাম আৰক্ষী ।

নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলায় ।তিনি শতাধিক নিচাযুক্ত ক’ফ চিৰাপৰ বটল সহ পুৰণিগুদাম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ধৃত চক্ৰটোৰ সৈতে জড়িত দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে ।

ধৃত সৰবৰাহকাৰী দুটা হ’ল ক্ৰমে পুৰণিগুদাম ন’আলিমুৰৰ আল্লাউদ্দিন আৰু নগাঁৱৰ মধুপুৰৰ ৰফিকুল ইছলাম ।আনহাতে জব্দ হোৱা নিচাযুক্ত বটল সমূহৰ মূল্য আনুমানিক পঞ্চাশ হাজাৰ টকা হ’ব পাৰে বুলি জানিব পৰা গৈছে ।উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসাধু চক্ৰটো নগাঁৱৰ বিভিন্ন স্থানত সক্ৰিয় হৈ  নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰি থকাৰ খবৰ মজুত আছিল পুৰণিগুদাম আৰক্ষীৰ হাতত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি