পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন…

পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন…

ডিজিটেল সংবাদ, পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদামৰ পুৰণি গাঁও মিকিৰহাটৰ ৰাজহুৱা নামঘৰৰ নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্ধোধন উপলক্ষে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভা মঙলবাৰে সামৰণি পৰে৷

যোৱা ১৮ মে'ত গুৰু আসন প্ৰতিষ্ঠাৰ জৰিয়তে নৱনিৰ্মিত ভৱনটি শুভ উদ্বোধন কৰে একশৰণ ভাগৱতী সমাজৰ একনিষ্ঠ সেৱক দুতিৰাম আতাই। আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা নামঘৰটি গ্ৰাহ-গজেন্দ্ৰ সহিতে বাটচ'ৰা, অগ্নিগড়, জয়-বিজয়ৰ মূৰ্ত্তি, গায়ন-বায়নৰ মূৰ্ত্তি,সিংহদ্বাৰ আদিৰে সুন্দৰকৈ সজাই তোলা হৈছে। নামঘৰৰ আসন প্ৰতিষ্ঠাৰ উপৰিও সেইদিনা প্ৰাতঃপ্ৰসঙ্গ, খোলপ্ৰসঙ্গ,জপ যজ্ঞ, সান্ধ্য প্ৰসঙ্গ আদি অনুষ্ঠিত হয়। ১৯ মে'ত মিকিৰহাট নামঘৰৰ প্ৰঙ্গণত একশৰণ ভাগৱতী সমাজৰ ধৰ্মধ্বজা উত্তোলন কৰে দুতিৰাম আতাই। তাৰ পিছতেই এক আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা উলিওৱা হয়।

২০ মে'ত প্ৰাতঃপ্ৰসংগ অনুষ্ঠিত হোৱাৰ পিছত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।পুৱাৰ ভাগত অনুষ্ঠিত এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা খনি পৰিচালনা কৰিছিল তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি ধ্ৰুৱ দাসে। বিয়লি ভুৱনেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত তত্ত্ব পৰিষদৰ সদস্য মুহিধৰ আতাই 'আচাৰ্য প্ৰণাম' কাৰ্যসূচী উদ্বোধন কৰি তাত্ত্বিক ব্যাখ্যা আগবঢ়োৱাৰ পিছত সভা উদ্বোধন কৰে নগাঁও জিলা একশৰণ ভাগৱতী সমাজৰ উপ-সভাপতি টংকেশ্বৰ আতৈয়ে। নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় নগাঁও জিলা একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জীৱন কাকতি আৰু নগাঁও জিলা একশৰণ ভাগৱতী সমাজ পূৰ্বাঞ্চলিকৰ নামাচাৰ্য ৰবিৰাম আতৈয়ে।

এক শৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম দাস আতাই বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই কয়, বিশ্বশান্তিৰ বাবে শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আজিও প্ৰাসঙ্গিক হৈ আছে। ধৰ্মালোচনী সভাৰ অন্তত পৰমানন্দ দাসৰ পৰিচালনাত এক ঘন্টাজোৰা গুণমালা কীৰ্ত্তন অনুষ্ঠিত হয়৷উক্ত অনুষ্ঠানত দুই শতাধিক লোকে অংশগ্ৰহণ কৰি নামঘৰৰ চৌপাশ ভক্তি ৰসৰ অমিয়াৰে ভৰাই তোলে। নিশা নগাঁও জিলাৰ বুঢ়া আতা সকলৰ পৰিচালনাত মহা পালনাম অনুষ্ঠিত হয়।আজি পুৱা পালনামৰ সামৰণি পৰে আৰু ভকত বিদায় আৰু ধৰ্মধ্বজা অৱতৰণৰ জৰিয়তে চাৰিদিনীয়া কাৰ্যসূচীৰ সফল সামৰণি পেলোৱা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in