পুৰণিগুদাম জলাহত বন্যহস্তীৰ সন্ত্ৰাস, নষ্ট কৰিলে বিঘাই বিঘাই ধান খেতি…

পুৰণিগুদাম জলাহত বন্যহস্তীৰ সন্ত্ৰাস, নষ্ট কৰিলে বিঘাই বিঘাই ধান খেতি…

ডিজিটেল সংবাদ,চামগুৰিঃ সমগ্ৰ ৰাজ্যতে এতিয়া ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে হাতী-মানুহৰ সংঘাত ।নগাঁও জিলাৰ নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম জলাহগাৱঁতো যোৱা শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে তীব্ৰ উপদ্ৰব চলায় ।হাতীৰ জাকটোৱে নিশা প্ৰায় ১০মান বজাত পথাৰ খনত প্ৰৱেশ কৰি সমগ্ৰ ধাননি পথাৰখন নষ্ট কৰে ।

একপ্ৰকাৰ কৃষকৰ সোণোৱালী সপোন তচনচ কৰি পেলোৱাত এতিয়া মূৰে কপালে হাত দিছে জলাহৰ কৃষক ৰাইজে ।বন্যহস্তীৰ বৃহৎ জাকটো বালিজুৰি পাহাৰৰ পৰা নামি পথাৰ খনত প্ৰৱেশ কৰি বিঘাই বিঘাই ধান খেতি নষ্ট কৰে ।যাৰ ফলত এতিয়া কৃষক ৰাইজে নিজৰ পেটৰ ভাত মুঠিৰ বাবে কেঁচায়ে-পকায়ে সকলো ধান চপাবলৈ বাধ্য হৈছে ।

আনহাতে বছৰ বছৰ ধৰি উক্ত অঞ্চলত হাতী-মানুহৰ সংঘাত চলি অহাৰ লগতে বন্যহস্তীৰ কৰি'ডৰ হিচাপে পৰিচিত জলাহ গাঁৱত বন্যহস্তীয়ে উপদ্ৰব চলাই আহিছে যদিও আজিকোপতি কোনো ক্ষতিপূৰণ লাভ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে লগতে বন বিভাগক নিশা উক্ত অঞ্চলত নিয়মীয়া তহলদাৰী কৰিবলৈ দাবী জনাইছে ।

উল্লেখ্য যে এইবাৰ হাতীখলি অঞ্চলত "হাতী বন্ধু" নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে ২০০ বিঘা মাটিত হাতীৰ বাবে ধান খেতি কৰাত হাতীখলি অঞ্চলেদি বন্যহস্তীৰ জাক পাৰ হৈ অহা নাই যদিও বালিজুৰি পাহাৰেদি জাকে জাকে বন্যহস্তীৰ জাক নামি অহাত এতিয়া ৰাইজ শংকিত হৈ পৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in