শেহতীয়া খবৰ
কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ

পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ’ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড…

207

ডিজিটেল সংবাদ,চামগুৰিঃ অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ডৰ দৃশ্যপট উপস্থাপনেৰে নগাঁৱৰ পুৰণিগুদামত উলিওৱা হ’ল সাংস্কৃতিক শোভাযাত্ৰা । নগাঁৱৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ উপলক্ষে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

অসমৰ বিভিন্ন লোক-সংস্কৃতি আৰু গ্ৰামাঞ্চলৰ জীৱন ধাৰাৰ জীৱন্ত প্ৰতিচ্ছবি,অসমীয়া কৃষ্টি-সংস্কৃতিৰ লগতে কাৰ্বি আংলঙত মৃত্যু হোৱা অভিজিৎ-নিলোৎপলৰ মৃত্যুৰ ঘটনা উপস্থাপন কৰা এই শোভাযাত্ৰাই পুৰণিগুদামবাসীক মন্ত্ৰমূগ্ধ কৰি তোলে।

ৰাজ্যখনৰ জটিল সন্ধিক্ষণৰ লগতে পৰীক্ষাৰ মাজতে আয়োজন কৰা মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাত সদল বলে সহযোগ কৰে শিক্ষাৰ্থী সকলে। আনহাতে মহাবিদ্যালয় খনৰ প্ৰতিটো বিভাগে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাত গ্ৰাম্য পৰিবেশৰ লগতে বিভিন্ন বিষয় উপস্থাপনেৰে অনুষ্ঠিত হোৱাত সাংস্কৃতিক শোভাযাত্ৰাত মনোবিজ্ঞান বিভাগে প্ৰথম স্থান,অসমীয়া বিভাগে দ্বিতীয় স্থান আৰু ভূগোল বিভাগে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি