পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিদায় সম্বৰ্ধনা..

পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিদায় সম্বৰ্ধনা..

ডিজিটেল সংবাদ পুৰণিগুদাম: নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ এক বিদায় সম্বৰ্ধনা সভা শনিবাৰে পুৰণিগুদাম আৰক্ষী চকীত অনুষ্ঠিত ‌হয়।বিৰদাও গয়াৰীয়ে বিগত সময়চোৱাত নিজৰ ওপৰত ন্যস্ত প্ৰশাসনিক দায়িত্ব পালন কৰি যোৱাৰ লগতে মদ,ভাং,জুৱা,ড্ৰাগছ আৰু বিভিন্ন অপৰাধমূলক কাৰ্যৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি অহাৰ বাবে তেওঁৰ পুৰণিগুদামৰ জনসাধাৰণৰ লগত এক সুমধুৰ সম্পৰ্ক গঢ়ি উঠিছিল।

সময়ত প্ৰশাসনিক বিষয়াৰ দায়িত্ব, সময়ত বন্ধুত্বৰ এনাজৰীৰ মাজেৰে সকলোৰে মাজত জিলিকি উঠা পুৰণিগুদামৰ এইগৰাকী আৰক্ষী বিষয়াক বিদায় দিবলৈ পায় পুৰণিগুদামবাসী মৰ্মাহত হৈ পৰিছে । পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী চৰকাৰী নিয়ম অনুসৰি আমবাগান আৰক্ষী চকীলৈ বদলি হোৱাত শনিবাৰে পুৰণিগুদাম আৰক্ষী চকীত পুৰণিগুদাম প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ‌ লগতে, চামগুৰি চক্ৰ আৰক্ষী পৰিদৰ্শক মনোৰঞ্জন মেধি, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দ'লে, পুৰণিগুদাম আৰক্ষী চকীৰ নৱনিযুক্ত আৰক্ষী বিষয়া অজিত সোণোৱাল,পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ‌ লগতে অন্যান্য কেইবাটাও সামাজিক-সাংস্কৃতিক অনুষ্ঠানে ফুলাম গামোচা,ফুলৰ থোপা আৰু কিতাপৰ টোপোলাৰে বিদায় সম্বৰ্ধনা জনায় ।

আনপিনে পুৰণিগুদাম আৰক্ষী চকীত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত সোনোৱালকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় একেটা অনুষ্ঠানতে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in