প্ৰাপ্যৰ পৰা কিয় বঞ্চিত হৈছে চিৰঞ্জীতা…

প্ৰাপ্যৰ পৰা কিয় বঞ্চিত হৈছে চিৰঞ্জীতা…

প্ৰাপ্যৰ পৰা কিয় বঞ্চিত হৈছে চিৰঞ্জীতা…

ডিজিটেল সংবাদ ঢকুৱাখনা: শাৰীৰিক বাধাগ্ৰস্ততা কিম্বা অক্ষমতায়ো লক্ষ্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিব পৰা নাই এগৰাকী বিশেষ যুৱতীক। শাৰীৰিক বাধাগ্ৰস্ততাক প্ৰশ্ৰয় নিদি এইগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াৰ জৰিয়তে লাভ কৰিছে সফলতা। নিজৰ একাগ্ৰতা আৰু সাধনাৰ বলত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াৰ জৰিয়তে উজলি উঠা এইগৰাকী যুৱতীৰ নাম চিৰঞ্জীতা ভঁৰালী। ঢকুৱখনা নগৰৰ ৩ নং ৱাৰ্ডৰ আলোক নগৰৰ বাসিন্দা প্ৰবীণ ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠক তিলক বঁৰালী আৰু দীপ্তি কলিতাৰ জীয়ৰী চিৰঞ্জীতা ভঁৰালী। আজন্ম শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি পুৰঞ্জীতাই বেডমিণ্টন আৰু পেৰা এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক।

ক্ৰীড়া ক্ষেত্ৰখনৰ সমান্তৰাল ভাৱে শৈক্ষিক ক্ষেত্ৰখনতো মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱা চিৰঞ্জীতা ভঁৰালীয়ে বিদ্যায়তনিক প্ৰতিভাৰ জৰিয়তে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ সমাজ কল্যান বিভাগৰ পৰিদৰ্শিকা পদ লাভ কৰিবলৈ সক্ষম হৈছে ।সমাজ কল্যান সঞ্চালকালয়ে ২০১৯ চনৰ ৩১ ডিচেম্বৰৰ নিৰ্দেশৰ জৰিয়তে (নম্বৰ পি এছ ডব্লিউ (আই চি দি এছ)/ই/১০০/২০১৯/পি টি/১৯) চিৰঞ্জীতাক নিয়মীয়া পৰিদৰ্শিকা পদত নিযুক্তি দিছিল।বিভাগীয় নিৰ্দেশনা অনুসৰি ভঁৰালীয়ে যোৱা ২০২০ বর্ষৰ ২জানুৱাৰীত বিধিগত ভাবে লখিমপুৰ জিলাৰ ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পত যোগদান কৰে। পৰৱৰ্তী সময়ত প্ৰকল্পটোত নিয়মীয়া ভাবে সেৱা আগবঢ়াই যোৱা ভঁৰালীয়ে বিগত প্ৰায় ১০ মাহ ধৰি প্ৰাপ্য বেতনৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই।

সংগৃহীত তথ্য মতে নৱ নিযুক্ত পৰিদৰ্শিকা চিৰঞ্জীতা ভঁৰালীয়ে গৰাকীয়ে প্ৰথমে প্ৰায় ৬ মাহ নিয়মীয়া ভাবে সম্পূৰ্ণ বেতন লাভ কৰাৰ পিছত পৰৱৰ্তী সময়ত ২০২০ চনৰ জুলাই মাহৰ পৰা চলিত জুন মাহ পৰ্যন্ত সম্পূৰ্ণ ভাবে প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ আছে। কোনো বৈধ কাৰণ নোহোৱা স্বত্বেও প্ৰাপ্য বেতনৰ পৰা বিগত ১০ মাহে বঞ্চিত চিৰঞ্জীতা ভঁৰালীয়ে এই জটিল সমস্যাৰ নিৰাময়ৰ বাবে গাঁঠিৰ ধন ভাঙি বহুবাৰ প্ৰকল্প বিষয়াৰ পৰা আৰম্ভ কৰি সমাজ কল্যান বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয়লৈ তাঁত বাতি কৰিও প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈছে। পৰিদৰ্শিকা গৰাকীয়ে জানিবলৈ দিয়া মতে প্ৰকল্পটোৰ অদক্ষ কৰ্মচাৰীৰ অদূৰদর্শিতা আৰু অজ্ঞানতাৰ বাবেই মাহ মাহ ধৰি বঞ্চিত হৈ আহিছে প্ৰাপ্য বেতনৰ পৰা।

উল্লেখ্য যে একক প্ৰচেষ্টাৰে মুখ্য কাৰ্যালয় আৰু বিত্ত বিভাগলৈ ঢাপলি মেলি ভঁৰালীয়ে প্ৰকল্পটোৰ অকৰ্মন্য কৰ্মচাৰীয়ে সৃষ্টি কৰা কুটিলতা দূৰ কৰি মাজতে প্ৰাপ্য লাভৰ পথ প্ৰশস্ত কৰিছিল যদিও একেই সমস্যাৰ পুনৰাবৃত্তি কৰি প্ৰকল্পটোৰ কৰ্মচাৰীয়ে সৃষ্টি কৰে জটিল সমস্যা । বাৰম্বাৰ ক্ৰুটিপূৰ্ণ তথ্য প্ৰেৰনেৰে বিশেষ ভাবে সক্ষম ভঁৰালীৰ প্ৰতি অবিচাৰ কৰি অহা প্ৰকল্পটোৰ দায়িত্বহীন কৰ্মচাৰীয়ে সূত্ৰপাত ঘটোৱা ইচ্ছাকৃত সমস্যাকলৈ জীয়া যন্ত্ৰণা ভূগিছে পৰিদৰ্শিকা গৰাকীয়ে। প্ৰকল্প বিষয়াৰ পৰা বিভাগীয় মন্ত্ৰী ,সঞ্চালক সকলো পক্ষকে নিজৰ দুৰ্বিসহ যন্ত্ৰণা সন্দৰ্ভত অৱগত কৰিও এতিয়া বিমুখ হোৱা ভঁৰালীৰ প্ৰচণ্ড মানসিক আৰু কায়িক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি দুখেৰে জনাইছে।

ক'ভিড পৰিস্থিতিৰ উপশম ঘটিলেই পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়াত অংশ গ্ৰহণৰ বাবে আমন্ত্ৰণ পোৱা পুৰঞ্জীতা এতিয়া মানসিক ভাৱে ভাগি পৰাই নহয় নিয়মিয়া অনুশীলনতো বাধা আহি পৰা বুলি অভিভাৱকে জনাইছে। কোনো সুনিৰ্দিষ্ট, বৈধ কাৰণ নোহোৱাকৈ কেৱল বিভাগীয় কৰ্মচাৰীৰ অকমন্যতাৰ বাবে ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত চিৰঞ্জীতাই এই স্পৰ্শকাতৰ সমস্যাৰ ক্ষীপ্ৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে। অন্যথা নাৰ্য্য প্রাপ্তিৰ বাবে আদালতৰ শৰণাপন্ন হোৱাৰ বিকল্প পথ নাথাকিব বুলি ক্ষোভেৰে জানিবলৈ দিছে । কেৱল ঢকুৱাখনাৰে নহয় ৰাজ্যখনৰ এগৰাকী প্ৰচণ্ড সম্ভাৱনাপূৰ্ণ আৰু উজ্জ্বল নক্ষত্ৰ স্বৰূপ ক্ৰীড়াবিদৰ প্ৰতি উদ্ভৱ হোৱা এই অনাকাংক্ষিত পৰিস্থিতি কেতিয়া নিস্পতি হ'ব তাৰ ওপৰতে নিৰ্ভৰ কৰিছে চিৰঞ্জীতাৰ ক্ৰীড়া জীৱনৰ ভৱিষ্যতৰ সফলতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in