হাজাৰটা গছপুলি ৰোপণেৰে পুৰণিগুদাম জলাহগাঁৱত ৰাভা দিৱস উদযাপন

হাজাৰটা গছপুলি ৰোপণেৰে পুৰণিগুদাম জলাহগাঁৱত ৰাভা দিৱস উদযাপন

ডিজিটেল সংবাদ, পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদাম চলচলি জলাহগাঁৱৰ ড' ৰাজেন্দ্ৰ প্ৰসাদ পুথিভঁৰালৰ ব্যৱস্থাপনাত বহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰাভা দিৱস অনুষ্ঠিত হৈ যায়। এই উপলক্ষে ৬০৯ নং জলাহৰচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে সমাজসেৱক অৰুণ শইকীয়াই। সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, বনপালক ক্ৰমে সম্পূৰ্ণা দাস বৰা, প্ৰভাত বৰা, প্ৰণৱ বৰা আৰু প্ৰভাত বৰুৱা উপস্থিত থাকে।

সভাত বিদ্যালয়খনৰ কে'বাগৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে বিষ্ণু ৰাভাৰ বিষয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে ৰাভা সংগীত পৰিৱেশন কৰে। সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক লক্ষেশ্বৰ শইকীয়া, শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে নৱজ্যোতি বৰা, অকণি বৰা, সবিতা শইকীয়া, সমাজসেৱক সুনীল শইকীয়া, ঘনশ্যাম শইকীয়া, ৰাজেন্দ্ৰ প্ৰসাদ পুথিভঁড়ালৰ কৰ্মকৰ্তা ক্ৰমে সঞ্জীৱ শইকীয়া, প্ৰৱাল শইকীয়া, প্ৰীতম ক্ৰ', পাপুজ্যোতি শইকীয়া উপস্থিত থকাৰ লগতে সাংবাদিক তপন কটকী আৰু নয়নমণি বৰা উপস্থিত থাকে।

সভাৰ আৰম্ভণিতে ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্য প্ৰদান কাৰ্যসূচী ৰূপায়ণ হোৱাৰ লগতে নগাঁও জিলা বন বিভাগৰ সহযোগত অনুষ্ঠিত হয় বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীয়ে। মুঠ এহেজাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা ড' ৰাজেন্দ্ৰ প্ৰসাদ পুথিভঁড়ালৰ কৰ্মকৰ্তাসকলে কমদিনৰ ভিতৰতে বন বিভাগৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ সম্পূৰ্ণ কৰিব বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in