পুৰণিগুদামত ইলোৰা বিজ্ঞান মঞ্চৰ “অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু বিজ্ঞানমনস্কতা” শীৰ্ষক আলোচনা সভা সম্পন্ন

পুৰণিগুদামত ইলোৰা বিজ্ঞান মঞ্চৰ “অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু বিজ্ঞানমনস্কতা” শীৰ্ষক আলোচনা সভা সম্পন্ন

ডিজিটেল সংবাদ, পুৰণিগুদামঃ মানৱ সমাজত শিক্ষা আৰু বিজ্ঞানে প্ৰদান কৰা জ্ঞানৰ অগ্ৰগতিয়ে অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰিব পাৰে৷ কিন্তু আজিৰ সমাজ ব্যৱস্থাত একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ মানুহে কু-সংস্কাৰ আৰু অন্ধবিশ্বাসক প্ৰশ্ৰয় দি সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷" এই মন্তব্য নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰৱক্তা তথা ইলোৰা বিজ্ঞান মঞ্চ, নগাঁও শাখাৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাৰ৷ সোমবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত সুতাৰ হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা "অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু বিজ্ঞানমনস্কতা" শীৰ্ষক এক মননশীল আলোচনা সভাত উপস্থিত থাকি নিজৰ ভাষণ প্ৰসঙ্গত তেওঁ কয় যে, মানুহে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱত পৰি ডাইনী হত্যাৰ দৰে কু-কৰ্ম সংঘটিত কৰিছে৷

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ সময়ত পূজা-পাতল আৰু বেজ-ফকীৰৰ বিধান অনুসৰি ৰোগ নিৰ্মূলৰ ব্যৱস্থা কৰিছে৷ প্ৰাকৃতিক দুৰ্যোগ, গৰাখহনীয়া আদি প্ৰতিৰোধৰ বাবে নাম-প্ৰসঙ্গ, জাগ-যজ্ঞৰে পৰিত্ৰাণৰ উপায় উলিয়াইছে৷ এইক্ষেত্ৰত নতুন প্ৰজন্মই বিজ্ঞানমনস্কতাৰে, বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ, উত্তৰণ অথবা প্ৰতিপালনৰ জৰিয়তে নতুন সমাজ গঢ়িবলৈ আগবাঢ়িব লাগিব৷ ইলোৰা বিজ্ঞান মঞ্চ, নগাঁও শাখাৰ উদ্যোগত আৰু সুতাৰ হাইস্কুলৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত আলোচনা সভাত সভাপতিত্ব কৰে পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক যজ্ঞেশ্বৰ শৰ্মাই৷

সুতাৰ হাইস্কুলৰ সহঃ শিক্ষয়িত্ৰী বিউতি বৰাই পৰিবেশন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি সুন্দৰ বৰগীতেৰে শুভাৰম্ভ কৰা উক্ত আলোচনা সভাখনি উদ্বোধন কৰে সুতাৰ হাইস্কুলৰ প্ৰধান শিক্ষক মোহন চন্দ্ৰ হীৰাই৷ বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা আলোচনা সভাখনিত উপস্থিত থাকি মতিৰাম বৰা হাইস্কুলৰ শিক্ষয়িত্ৰী প্ৰণামিকা অধিকাৰীয়ে পৰিৱেশ সজাগতাৰ ওপৰত ভাষণ প্ৰদান কৰাৰ লগতে বিশ্বত মানুহ অনুপাতে গছৰ সংখ্যা কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে আহ্বান জনায়৷

সোমবাৰৰ সভাতে আনুষ্ঠানিকভাৱে সাংবাদিক নীলৰঞ্জন শৰ্মা, তেওঁৰ পত্নী তথা পুৰণিগুদামস্থিত 'বধিৰ বিদ্যা মন্দিৰ'ৰ অধ্যক্ষা অনুৰাধা বৰা আৰু শহুৰেক তথা হোমিওপ্যেথিক চিকিৎসক থিৰেন বৰাই মানৱ জাতিৰ কল্যান আৰু চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ বাবে মৰণোত্তৰভাৱে দেহদান কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in