পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ

পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এখন চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ এখন দুৰ্ঘটনাগ্ৰষ্ঠ টাটা ম'বাইল ট্ৰাকত বাৰটাকৈ গৰু উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ স্থানীয় ৰাইজে গৰু চোৰৰ সন্দেহত খেদি-খেদি এটা চোৰক কৰায়ত্ব কৰাৰ বিপৰীতে আন এটা চোৰ পুৰণিগুদাম আৰক্ষীয়ে আটক কৰে। জানিব পৰা মতে,
উজনি অসমৰ পৰা নামনি অসম অভিমুখী টাটা ম'বাইলখনে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবাখনো বাহন খুন্দিয়াই আহিছিল।

উল্লেখ্য যে, কেইবাখনো আৰক্ষী থানাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা চামগুৰিৰ দৰে এখন বৃহৎ আৰক্ষী থানা থকাৰ পাছতো চামগুৰি আৰক্ষী থানাৰ সন্মুখেৰে কিদৰে প্ৰতিদিনাই চোৰাং গৰু ভৰ্তি ট্ৰাক পাৰ হৈ যায় তাকে লৈ আৰক্ষীৰ ওপৰত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে আৰক্ষীৰ বিৰুদ্ধে নিৰ্লিপ্ততাৰ অভিযোগ তুলি স্থানীয় একাংশ ৰাইজে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in