সত্ৰাধিকাৰ পূণ্যব্ৰত দেৱ গোস্বামীৰ অভিনন্দন গ্ৰন্থ উন্মোচন

সত্ৰাধিকাৰ পূণ্যব্ৰত দেৱ গোস্বামীৰ অভিনন্দন গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, তেজপুৰঃ গুণীজনৰ গুণ জীৱিত কালতেই গোৱাৰ পৰিৱেশ আজিকালি নাইকিয়া হৈছে। তাৰ মাজতেই ব্যতিক্ৰম এক পদক্ষেপ হিচাপে দেশ, সমাজ তথা দহৰ হিতৰ কাৰণে নিজস্ব চিন্তা-চেতনাৰে নতুন প্ৰজন্মক প্ৰেৰণা দিয়া আৰু স্বকীয় সত্তাৰে জাতিটোৰ প্ৰতি দায়ৱদ্ধতাৰে কাম কৰি যোৱা শ্ৰীশ্ৰী নিকামূল সত্ৰ্ৰৰ সত্ৰাধিকাৰ পূণ্যব্ৰত দেৱ গোস্বামীৰ জীৱন পৰিক্ৰমাক লৈ প্ৰকাশ কৰা হৈছে এখন অভিনন্দন গ্ৰন্থ।

তেজপুৰৰ অসমীয়া ক্লাৱৰ বালিৰাম লহকৰ প্ৰেক্ষাগৃহত দেওবাৰে এই অভিনন্দন গ্ৰন্থখনৰ উন্মোচনী সভা অনুষ্ঠিত হয়। ভালে সংখ্যক বিশিষ্ট নাগৰিকৰ উপস্থিতিত বিশিষ্ট ইতিহাসবিদ মাধৱচন্দ্ৰ দাসে সঞ্চালনা কৰা সভাত এই অভিনন্দন গ্ৰন্থৰ উন্মোচন কৰে ভালে কেইজন বিশিষ্ট ব্যক্তিয়ে।

সভাত সত্ৰাধিকাৰ পূণ্যব্ৰত দেৱ গোস্বামীৰ বন্ধু তথা স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীকে সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি তেখেতৰ জীৱন পৰিক্ৰমাৰ কিছু দিশ আলোকপাত কৰে। গোস্বামী কয় যে, বিষ্ণুৰাভা, ফণী শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱাই আৰ্থিক জোৰা মাৰিবলৈ ব্যৱসায় কৰিছিল।

একেদৰে পূণ্যব্ৰত দেব গোস্বামীয়েও ব্যৱসায়ীৰে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছিল। সংগীত সাধনা আৰু চৰ্চাত পূণ্যব্ৰত দেৱ গোস্বামীয়ে জীৱন উৎসৰ্গা কৰিছিল। ভাৰতীয় উচ্চাংগ সংগীতৰ লগতে বৰগীত আৰু সত্ৰীয়া সংগীতৰ ধ্যান-ধাৰণাৰ চৰ্চা তেওঁ বাদ দিব পৰা নাছিল।

১৯৭৭ চনত প্ৰতিষ্ঠা কৰা কলাগুৰু বিষ্ণু ৰাভা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে তেওঁ এতিয়া দায়িত্ব লৈ মহাবিদ্যালয়খনৰ জৰিয়তে ভাৰতীয় সংগীতৰ বিকাশ আৰু প্ৰসাৰৰ হকে কাম কৰি আহিছে। তেখেতৰ ব্যাকৰণ সন্মত সংগীত শিক্ষাই অসমৰ মান্যতা লাভ কৰাৰ সমান্তৰালভাৱে নতুন সংগীতৰ ধাৰাৰ প্ৰবক্তাৰূপে তেওঁ পৰিচয় লাভ কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা কৰ্মযোগী পূণ্যব্ৰত দেৱ গোস্বামীৰ এই অভিনন্দন গ্ৰন্থ দিলীপ কুমাৰ বৰুৱা আৰু পূবালী গোস্বামীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা হৈছে। 'সত্ৰাধিকাৰ পূণ্যব্ৰত দেৱ গোস্বামীৰ অভিনন্দন গ্ৰন্থ' শীৰ্ষক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে।

গ্ৰন্থখন প্ৰকাশ কৰিছে শ্ৰীশ্ৰী নিকামূল সত্ৰ গ্ৰন্থ প্ৰকাশনে। অভিনন্দন গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ পদ্মপতিয়ে তেখেতক ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেজপুৰ সাহিত্য সভাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত আৰম্ভণিতে অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়, যোৰহাট শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত জিকুমণি গোস্বামীয়ে এটি বৰগীত পৰিবেশন কৰে।

অনুষ্ঠানত সত্ৰাধিকাৰ পূণ্যব্ৰত দেৱ গোস্বামীয়ে কয়, কেৱল ধন ঘটাৰ বাবেই মানুহ জীয়াই থকা উচিত নহয়। নতুন প্ৰজন্মক তেখেতে সত্ৰীয়া কৃষ্টি আৰু সংস্কৃতিৰ বিকাশৰ হকে এই  যাত্ৰাত চামিল হ'বলৈ আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in