নিশা দুৱাৰ খোলা পলম হোৱাৰ বাবেই পত্নীক গুলীয়ালে এগৰাকী DSP য়ে…

নিশা দুৱাৰ খোলা পলম হোৱাৰ বাবেই পত্নীক গুলীয়ালে এগৰাকী DSP য়ে…

ডিজিটেল ডেস্কঃ পত্নী-স্বামীৰ মাজত কাজিয়া লগাটো কোনো ডাঙৰ কথা নহয়। কেতিয়াবা মতৰ অমিল হৈ কাজিয়া কৰা দম্পত্তিয়ে কিছুসময়ৰ পাছতে সকলো পাহৰি পেলায়। কিন্তু পত্নীয়ে ঘৰৰ দুৱাৰ খোলা অলপ পলম হোৱাৰ বাবেই স্বামীয়ে পত্নীৰ ওপৰত গুলীচালনা কৰা ঘটনা হয়তো আপুনি শুনাও নাই আৰু দেখাও নাই। কিন্তু শেহতীয়াকৈ সংঘটিত হৈছে তেনে এক ঘটনাই। আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই সংঘটিত কৰিলে এই কাণ্ড।

ঘটনাটো সংঘটিত হৈছে পঞ্জাৱত। পঞ্জাৱ আৰক্ষীৰ 'সিংঘম' নামেৰে পৰিচিত DSP অতুল চৌনীয়ে যোৱা শনিবাৰে নিশা প্ৰায় ১ বজাত এটা পাৰ্টিৰ পৰা ঘৰলৈ গৈছিল। ঘৰত উপস্থিত হৈ DSP অতুল চৌনীয়ে দুৱাৰ খুলিবৰ বাবে ঘৰৰ কলিং বেল বজাইছিল যদিও পত্নীয়ে দুৱাৰ খোলা কিছু পলম হৈছিল। পত্মীৰ এই কাৰ্যত অসন্তুষ্ট হৈ দুৱাৰ খোলাৰ লগে লগে DSP অতুল চৌনীয়ে গুলী চলায় পত্নীৰ ওপৰত।

ভাগ্য ভাল আছিল। DSP অতুল চৌনীয়ে চলোৱা গুলী পত্নীৰ মুৰৰ ওপৰেৰে পাৰ হৈ যায়। এই ঘটনাৰ পাছতে পত্নীয়ে মোহালী থানাত দাখিল কৰে এজাহাৰ। আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। কিন্তু আইন ৰক্ষাকাৰীৰ গুৰুদায়িত্বত থকা আৰক্ষী বিষয়াগৰাকী আইন উলংঘা কৰি বৰ্তমান পলাতক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in