পঞ্জাৱত বিষাক্ত সুৰাপান কৰি ৮৬জনৰ মৃত্যু, ৭ আবকাৰী বিষয়া আৰু ৬ আৰক্ষীৰ লোকক নিলম্বন…

পঞ্জাৱত বিষাক্ত সুৰাপান কৰি ৮৬জনৰ মৃত্যু, ৭ আবকাৰী বিষয়া আৰু ৬ আৰক্ষীৰ লোকক নিলম্বন…

ডিজিটেল ডেস্কঃ পঞ্জাৱত বিষাক্ত সুৰা পান কৰি বৰ্তমানলৈ ৮৬জনৰ মৃত্যু হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে এই ঘটনাৰ পাছত ৭জন আবকাৰী বিষয়া আৰু ৬জন আৰক্ষী কৰ্মীক নিলম্বন কৰাৰ নিৰ্দেশ দিছে। লগতে ৰাজ্যখনৰ চৰকাৰে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰিছে।

বিষাক্ত সুৰা পান কৰি পঞ্জাৱৰ তৰনতাৰণত ৬৩জন লোকে, অমৃতসৰত ১২জন আৰু গুৰদাসপুৰত ১১জন লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত। উল্লেখ্য যে, যোৱা বুধবাৰৰ নিশাৰ পৰা শুকুৰবাৰলৈ নিশালৈ এই বিষাক্ত সুৰাই ৰাজ্যখনত ৩৯জনৰ প্ৰাণ কাঢ়ি নিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in