পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা…

পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা…

ডিজিটেল ডেস্কঃ কৃষকৰ তিনি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱত কৃষক ৰাইজ সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৃহস্পতিবাৰে কৃষকসকলে ৰাজ্যখনত তিনি দিনীয়া ৰে'ল ৰখোৱা কাৰ্যসূচী হাতত লৈছে। অমৃতসৰ, ফিৰোজপুৰ জিলাত কৃষকসকলে ৰেল পথত বহি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

কৃষক সকলে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত দিল্লীৰ পৰা অহা ৰেলৰ যাত্ৰাত বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, কৃষক সকলে ২৫ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে ৰাজ্য বন্ধৰ আহ্বান জনাইছে। যাৰ ফলত ফিৰোজপুৰ ৰেল মণ্ডলে ১৪খন ৰে'লৰ যাত্ৰা বাতিল কৰি দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in