পঞ্জাৱ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশঃ মুখ্যমন্ত্ৰী চান্নী, সভাপতি সিদ্ধুকে ধৰি বহু শীৰ্ষ নেতাৰ নাম তালিকাত…

পঞ্জাৱ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশঃ মুখ্যমন্ত্ৰী চান্নী, সভাপতি সিদ্ধুকে ধৰি বহু শীৰ্ষ নেতাৰ নাম তালিকাত…

ডিজিটেল ডেস্কঃ দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ ৰাজ্যৰ ভিতৰত চৰ্চাৰ শীৰ্ষত থকা পঞ্জাৱত ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা। সেই অনুসৰি এই প্ৰথমখন তালিকাত ৰাজ্যখনৰ ৮৬ খন আসনৰ বিপৰীতে নামসমূহ ঘোষণা কৰিছে।

ঘোষিত প্ৰথমখন তালিকা অনুসৰি মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে চামকৌৰ চাহিবৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। আনহাতে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধুৱে অমৃতসৰ পূব সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। প্ৰতাপ সিং বাজৱাই কাদিয়ানৰ পৰা আৰু গায়ক সিদ্ধু মিউজেৱালাই মানছাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ উপৰিও চনু সুদৰ ভগ্নী মালবিকা সুদে মোগাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in