পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ  আয়োগৰ সিদ্ধান্তৰ আঁৰত আছে এইটো কাৰণ…

পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ আয়োগৰ সিদ্ধান্তৰ আঁৰত আছে এইটো কাৰণ…

ডিজিটেল ডেস্কঃ সকলো ৰাজনৈতিক দলৰ আহ্বান আৰু লাখ লাখ লোকৰ ধৰ্মীয় বিশ্বাস অনুসৰি নিৰ্বাচন আয়োগে পিছুৱাই দিলে পঞ্জাৱৰ নিৰ্বাচন। গুৰু ৰবিদাস জন্মজয়ন্তী উপলক্ষে পঞ্জাৱত ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় নিৰ্বাচন। আয়োগে সোমবাৰে এই সম্পৰ্কে এক বৈঠকত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰে যে পঞ্জাৱৰ ১১৭ খন আসনৰ সকলোৰে নিৰ্বাচন ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ২৫ জানুৱাৰীৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আয়োগে নিৰ্ধাৰণ কৰি দিয়া সূচী অনুসৰি প্ৰাৰ্থীসকলে ১ ফেব্ৰুৱাৰীৰ ভিতৰত মনোনয়ন দাখিল কৰিব লাগিব।

উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰী শ্ৰী গুৰু ৰবিদাসৰ জন্ম জয়ন্তী। ফলস্বৰূপে, পঞ্জাৱৰ লাখ লাখ ভক্ত গুৰুৰ জন্মস্থান দৰ্শন কৰিবলৈ উত্তৰ প্ৰদেশৰ বেনাৰস ভ্ৰমণ কৰিব। সেয়েহে নিৰ্বাচনত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰি পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক নিৰ্বাচন স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল। তেওঁলোকে ধাৰণা কৰিছিল যে, প্ৰায় ২০ লাখ লোকে গুৰু ৰবিদায়ৰ জন্মজয়ন্তীৰ বাবে বেনাৰস ভ্ৰমণ কৰিব। ফলস্বৰূপে ভোটদানৰ হাৰ হ্ৰাস পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in