কৃষি আইনঃ পঞ্জাৱৰ বিধানসভাতে নিশা কটালে আপৰ বিধায়কে…

কৃষি আইনঃ পঞ্জাৱৰ বিধানসভাতে নিশা কটালে আপৰ বিধায়কে…

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ বিধানসভাত বিধেয়ক উত্থাপন কৰা প্ৰস্তুত চলাই থকা হৈছে। বিধেয়কৰ খচৰা বিতৰণ নকৰাৰ বাবে আম আদমী পাৰ্টিৰ বিধায়কসকলে সোমবাৰে অমৰিন্দৰ সিং চৰকাৰৰ বিৰুদ্ধে বিধানসভাতে ধৰ্ণা দিয়ে আৰু নিশা বিধানসভাৰ চৌহদতে কটায়।

আপৰ বিধায়কসকলে ৰাজ্য চৰকাৰক দাবী জনাইছিল যে, মঙলবাৰে কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে বিধানসভাত উত্থাপিত হ'ব লগা প্ৰস্তাৱিত বিলৰ সম্পূৰ্ণ প্ৰক্ৰিয়া তেওঁলোকৰ হাতত প্ৰদান কৰিব লাগে। ইফালে, পঞ্জাৱ চৰকাৰে কেন্দ্ৰৰ কৃষি আইনৰ পৰা পৰিব পৰা প্ৰভাৱসমূহৰ সৈতে মোকাবিলা কৰিবলৈ যিমান দূৰ সম্ভৱ ৰাজ্যৰ আইনসমূহ বলবৎ কৰাৰ সন্দৰ্ভত আলোচনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in