পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী…

পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী…

ডিজিটেল ডেস্ক : পুনে স্থিত চিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । চিৰাম ইনষ্টিটিউটৰ নিৰ্মানৰত অট্টালিকাত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হয় । ইফালে এই অগ্নিকাণ্ড ভেকচিন নিৰ্মান কাৰখানাৰ পৰা দূৰত সংঘটিত হোৱা বাবে কোভিড ভেকচিন নিৰ্মানত কোনো ধৰনৰ প্ৰভাৱ নপৰে ।

চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া বিশ্বৰ সৰ্ববৃহৎ ভেকছিন নিৰ্মাতা । এই ইনষ্টিটিউট খনৰ পৰিসৰ প্ৰায় ১০০ একৰ অঞ্চলত বিস্তৃত হৈ আছে। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা অট্টালিকাটো ভেকচিন নিৰ্মান কাৰখানাৰ পৰা কিছু দূৰত অৱস্থিত । সূত্ৰ অনুসৰি জানিব পৰা মতে বিশেষ অৰ্থনৈতিক অঞ্চল অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চল খিনি । ভেকছিন নিৰ্মাণৰ ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে চিৰাম ইনষ্টিটিউটত ৮-৯ টা নতুন অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in