সতীত্ব পৰীক্ষাত অনুত্তীৰ্ণ! পুণেত মহিলাক শাস্তি, দেশজুৰি চাঞ্চল্য

সতীত্ব পৰীক্ষাত অনুত্তীৰ্ণ! পুণেত মহিলাক শাস্তি, দেশজুৰি চাঞ্চল্য

ডিজিটেল ডেস্কঃ #MeTooক লৈ তোলপাৰ হৈ পৰা এই দেশত এতিয়াও মহিলাই দিব লাগে সতীত্বৰ পৰীক্ষা। সভ্য সমাজক কলংকিত কৰা এনে পৰম্পৰাৰ বাবে মহাৰাষ্ট্ৰৰ পুণেৰ পিম্পৰীত বহিষ্কৃত হ'বলগীয়া হৈছে এগৰাকী যুৱতী।

কঞ্জৰভাট সম্প্ৰদায়ৰ ঐশ্বৰ্য্য তমায়চিক নামৰ এই যুৱতীগৰাকীয়ে দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি আহিছিল এনে ঘৃণনীয় প্ৰথাৰ। এই কথা জানিব পাৰি ঐশ্বৰ্য্যৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে সম্প্ৰদায়টোৰ বৰমূৰীয়াসকল।

ৰাজহুৱা সভাত ৰাইজ মেলৰ জৰিয়তে পৰম্পৰা বিৰোধী প্ৰচাৰ চলোৱা ২৩ বৰ্ষীয় যুৱতীগৰাকীক সম্পূৰ্ণৰূপে বহিস্কাৰ কৰাৰ লগতে যিকোনো সামাজিক কাৰ্যতে অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। গাঁওবাসীৰ এই সিদ্ধান্তৰ পিছতে বিষয়টো ছ'চিয়েল মিডিয়াৰ জৰিয়তে পোহৰলৈ আনে পুণেত আইনৰ শিক্ষা গ্ৰহণ কৰি থকা সাহসী যুৱতীগৰাকীয়ে।

ছ'চিয়েল মিডিয়াত #MeToo বুলি উল্লেখ কৰি যুৱতীগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল যদিও সতীত্ব পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। সতীত্ব পৰীক্ষাত অৱতীৰ্ণ নোহোৱা বাবেই সম্প্ৰদায়টোৰ বিশেষ উৎসৱ দাণ্ডিয়া নৃত্যত ভাগ ল'বলৈ নিদিয়াৰ লগতে আন সামাজিক কাম-কাজতো ভাগ লোৱাত বাধা প্ৰদান কৰে।

'এই বছৰৰ ১২ মে'ত মই বিবেক তমায়চিকৰ সৈতে বিবাশপাশত আৱদ্ধ হও। কিন্তু মই সতীত্ব পৰীক্ষা দিবলৈ অস্বীকাৰ কৰা বাবেই মোক কোনো সামাজিক কাৰ্য্যত অংশগ্ৰহণ কৰিবলৈ নিদিলে আৰু সম্পূৰ্ণৰূপে সমাজৰ পৰা বহিস্কৃত কৰা বুলি জনায়। তেওঁলোকৰ মতে মই সতীত্ব পৰীক্ষাত অনুত্তীৰ্ণ হম বুলি জানো বাবেই হেনো ইয়াৰ বিৰোধিতা কৰিছো।'- ঐশ্বৰ্যই কয়।

ঘৃণনীয় প্ৰথাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ঐশ্বৰ্য্য
ঘৃণনীয় প্ৰথাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ঐশ্বৰ্য্য

ঘটনা সন্দৰ্ভত স্থানীয় পিম্পৰী থানাত এজাহাৰো দাখিল কৰিছে যুৱতীগৰাকীয়ে। এজাহাৰত যুৱতীগৰাকীয়ে সম্প্ৰদায়টোৰ মহিলাসকলক পৰম্পৰাৰ নামত নিৰ্যাতন চলাই অহাৰো গুৰুতৰ অভিযোগ তোলে ঐশ্বৰ্যই।

♦ কি এই প্ৰথা?

পুণেৰ কঞ্জৰভাট সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰচলিত এয়া এক আজৱ প্ৰথা। এই প্ৰথা অনুযায়ী বিয়াৰ পিছদিনাই নৱবিবাহিতাই সমাজৰ সমুখত অৱতীৰ্ণ হ'ব লাগে সতীত্ব পৰীক্ষাত। ইয়াৰ বাবে বিয়াৰ দিনাখন আত্মীয় তথা শুভকাংক্ষীসকলে কইনাক এখন শুধবগা কাপোৰ উপহাৰ দিয়ে।

বিয়াৰ পিছদিনা সেই বগা কাপোৰখন সমজুৱাকৈ সকলোকে দেখুৱাব লাগে। যদিহে বগা কাপোৰখনত তেজৰ দাগ থাকে তেন্তে নৱবিবাহিতাগৰাকীক সতীত্বৰ পৰীক্ষাত উত্তীৰ্ণ বুলি ধৰা হয়। যদিহে তেনে কোনো দাগ পোৱা নাযায় তেন্তে সম্প্ৰদায়টোৰ নিয়ম অনুযায়ী বিয়াখন অবৈধ ঘোষণা কৰাৰ লগতে কইনাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

এই ঘটনা বিবিচিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ পিছতে সম্প্ৰদায়টোৰ শিক্ষিত যুৱক-যুৱতীসকলে ইয়াৰ বিৰোধিতা কৰিবলৈ লয়। ছ'চিয়েল মিডিয়াতো বিষয়টোক লৈ তুমুল চৰ্চা হয়। হোৱাটছএপ গ্ৰুপৰ জৰিয়তে এনে ঘৃণনীয় প্ৰথাৰ বিৰোধিতাৰে চলোৱা প্ৰচাৰত আগভাগ লৈছিল সাহসী ঐশ্বৰ্যই। ঐশ্বৰ্যৰ স্বামী বিবেকেও এনে প্ৰথাৰ বিৰুদ্ধে মাত মাতি আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in