পুলৱামাত শ্বহীদ ৫০ জন জোৱান! গুগ’ল-ইউটিবতো পৰিছে ইয়াৰ প্ৰভাৱ… VIDEO

পুলৱামাত শ্বহীদ ৫০ জন জোৱান! গুগ’ল-ইউটিবতো পৰিছে ইয়াৰ প্ৰভাৱ… VIDEO

পুলৱামাৰ বিস্ফোৰণত নিহত হ'ল সোমবাৰে চাৰিজনকৈ জোৱান। নিহত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে সমগ্ৰ দেশবাসীয়ে। নৰ্থাৰ্ণ কামাণ্ড অৱ আৰ্মীয়েও এই জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই টুইট কৰিছে।

ইফালে, সমগ্ৰ দেশতেই ১৪ ফেব্ৰুৱাৰীত বিস্ফোৰণ আৰু ১৮ ফেব্ৰুৱাৰীত সংঘৰ্ষত ৫০জনৰো অধিক জোৱান শ্বহীদ হোৱাৰ পাছত পাকিস্তানৰ বিৰুদ্ধে দেশবাসীৰ মনত তীব্ৰ ক্ষোভৰ সঞ্চাৰ হৈছে। শ্বহীদ জোৱানসকলৰ পৰিয়ালত বৈছে শোকৰ বন্যা। ইয়াৰ প্ৰভাৱ পৰিছে গুগ'লতো। ইউটিউবতো দেশপ্ৰেমমূলক গীত ছাৰ্চ কৰা লোকৰ সংখ্যা ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। বেছি সংখ্যক লোকে ইউটিউবত ছাৰ্চ কৰি শুনিছে লতা মংগেশকাৰৰ সেই বিখ্যাত গীত- 'এ মেৰে ৱটন কে লোগো…'

https://www.youtube.com/watch?v=f7G9iQR5uyU

লগতে আন এটা সেনাক লৈ 'বৰ্ডাৰ' ছবিখনৰ গীতেও দেশবাসীয়ে আজি শুনিছে। 'সন্দেছা আটি হে…' শীৰ্ষক এই গীতটিও বৰ্তমান দেশবাসীয়ে ছাৰ্চ কৰিছে ইউটিউবত। বিভিন্ন স্থানত বাজি আছে লতা মংগেশকাৰ আৰু বৰ্ডাৰ ছবিখনৰ এই গীত।

ইফালে, পুলৱামাৰ শ্বহীদ সকলৰ স্মৃতিত বিশ্বনাথৰ এটি কণমানিয়ে গোৱা দেশপ্ৰেমমূলক গীত এটাও ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ বাবে এই গীতটি গাইছিল বিশ্বনাথৰ ছেমিনাই।

এইদৰে এতিয়া সমগ্ৰ দেশত উথলি উঠিছে দেশপ্ৰেম। ৰাস্তাই-ঘাটে বাজিছে দেশপ্ৰেমমূলক গীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in