পুলৱামা ঘটনাক লৈ কি ক’লে বিৰাট কোহলীয়ে, চাওঁক VIDEO…

পুলৱামা ঘটনাক লৈ কি ক’লে বিৰাট কোহলীয়ে, চাওঁক VIDEO…

ডিজিটেল ডেস্কঃ পুলৱামাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণত ভাৰতীয় সেনাৰ ৪৪জনকৈ জোৱান নিহত হোৱাৰ পাছত সমগ্ৰ দেশবাসী ক্ষোভত জ্বলি উঠিছে। উক্ত ঘটনা সন্দৰ্ভত ৰাজনীতিবিদ, অভিনেতা-অভিনেত্ৰীকে ধৰি দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে পাকিস্তানী সন্ত্ৰাসবাদীৰ এই কাণ্ডক ধিক্কাৰ দিছে।

ইফালে, শনিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও পুলৱামা ঘটনাক লৈ দলটোৰ স্থিতি স্পষ্ট কৰে। ক্ৰিকেটাৰ গৰাকীয়ে কয়- 'পুলৱামাত শ্বহীদ হোৱা চিআৰপিএফৰ জোৱানসকলৰ সৈতে আমি আছো। সমগ্ৰ দেশবাসীয়ে যি বিচাৰে আৰু বিচিচিআই-য়ে যি সিদ্ধান্ত ল'ব তাত সন্মতি জনাম।'

চাওঁক ক্ৰিকেটাৰ বিৰাট কোহলীৰ এই ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in