পুলৱামা আক্ৰমণক লৈ মোডী চৰকাৰক ৩ টা প্ৰশ্ন ৰাহুল গান্ধীৰ…

পুলৱামা আক্ৰমণক লৈ মোডী চৰকাৰক ৩ টা প্ৰশ্ন ৰাহুল গান্ধীৰ…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ভয়ংকৰ পুলৱামা আক্ৰমণে পাৰ কৰিলে এটা বছৰ। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত আজিৰ দিনটোতে প্ৰাণ হেৰুৱাইছিল ৪০ গৰাকীকৈ চি আৰ পি এফ জোৱানে। শুকুৰবাৰে সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ লগতে পুলৱামাৰ ছহিদ জোৱানসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে। ইফালে শুকুৰবাৰৰ দিনটোতে শ্বহীদসকলক সোৱঁৰি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ছহিদ জোৱানসকলক টুইটাৰযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাহুলে চৰকাৰক পোনপতীয়াকৈ কৰিলে ৩ টা প্ৰশ্ন।

প্ৰশ্নঃ ১. এই আক্ৰমণৰ পৰা লাভ কাৰ হ'ল!
(Who benefitted the most from the attack?)

প্ৰশ্নঃ ২. আক্ৰমণৰ তদন্তত কি ওলাল!
(What is the outcome of the inquiry into the attack?)

প্ৰশ্নঃ ৩. চৰকাৰৰ তৰফৰ পৰা জবাবদিহি কোন হ'ল!
(Who in the BJP Govt has yet been held accountable for the security lapses that allowed the attack?)

ৰাহুল গান্ধীৰ টুইটঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in