মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ এক বিশেষ আহ্বান…

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ এক বিশেষ আহ্বান…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ এক বিশেষ আহ্বান। কিছুদিনৰ পূৰ্বে বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক সাৱটি লৈছিল পুলক ভূঞা নামৰ এগৰাকী অতিৰিক্ত ঠিকাভিত্তিক বিজ্ঞান শিক্ষকে।

শোণিতপুৰ জিলাৰ তেজপুৰৰ বিন্দুগুৰি হাইস্কুলত ২০১০চনতে অতিৰিক্ত ঠিকাভিত্তিক বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল ভূঞাই। ১১বছৰে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে পুলক ভূঞাৰ নাম চৰকাৰী ঘোষণা অনুসৰি চাকৰিৰ নিয়মীয়াকৰণৰ আওতালৈও আহিছিল।

কিন্তু নিয়তিৰ কি পৰিহাস! ৬বছৰৰ পূৰ্বে দুয়োটা বৃক্ক বিকল হোৱা পুলক ভূঞাক মাতৃয়ে এটা বৃক্ক দান দি সুস্থ কৰি তুলিছিল যদিও পৰৱৰ্তী পৰ্যায়ত তেওঁ আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। স্বামী মৃত্যুৰ পাছতে দুবছৰীয়া পুত্ৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে উচ্চশিক্ষিতা পত্নী।

পুলক ভূঞাৰ পত্নী মিতালী হাজৰিকা হৈছে এম এ আৰু ডি এল এড উৰ্ত্তীণ। তেনে পৰিপ্ৰেক্ষিততে সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছে যে, ভূঞাৰ পত্নীক অনুকম্পামূলক সংস্থাপনৰ ব্যৱস্থা কৰি পৰিয়ালটোৰ লগতে দুবছৰীয়া সন্তানটিৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ। এতিয়া সময়েহে কব, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে এই আহ্বানলৈ কিদৰে সহাঁৰি জনায়…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in