এইবাৰ পূজাত বতৰ কেনে হ’ব…

এইবাৰ পূজাত বতৰ কেনে হ’ব…

ডিজিটেল ডেস্ক : কোৰোনাৰ ভয়াবহতাৰ মাজতে ৰাজ্যত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হ'ল দুৰ্গা পূজা।কোৰোনাৰ বাবে সেৰেঙা হৈ পৰিছে পূজাৰ বজাৰ । বজাৰত নাই পূৰ্বৰ দৰে ভিৰ । এইবাৰ ৰাজ্যবাসীৰ পূজাৰ আনন্দক ম্লান পেলাব পাৰে বতৰেও ।

বতৰ বিজ্ঞান বিভাগৰ মতে বে' অৱ বেংগলৰ মধ্যভাগত এক নিম্নচাপৰ ফলত ধুমুহা সঞ্চালনৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে উত্তৰ পূবত । ২১-২৪ অক্টোবৰলৈ উত্তৰ পূবত প্ৰচুৰ বৰষুণৰ আগজাননী জাৰি কৰিছে ।

আনহাতে নাগালেণ্ড,মনিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাত ২৩ অক্টোবৰত আৰু অসম আৰু মেঘালয়ত ২৪ অক্টোবৰত ধাৰাষাৰ বৰষুন হোৱাৰ সম্ভাবনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে । ইপিনে অসম আৰু মেঘালয় অৰেঞ্জ এলাৰ্ট ঘোষনা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in