শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

ডিমাপুৰত ‘কা’ৰ বিৰোধিতাৰে সহস্ৰাধিক জনতাৰ শৈল্পিক প্ৰতিবাদ…

179

ডিজিটেল সংবাদ, ৱাখাঃ কেন্দ্ৰৰ বিজেপিৰ চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধিতাৰে শনিবাৰে নাগালেণ্ডৰ ডিমাপুৰ চহৰত সহস্ৰাধিক ৰাইজে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে । শনিবাৰে পুৱা ডিমাপুৰৰ ছুপাৰ মাৰ্কেটৰ দা গাৰ্ডেন অঞ্চলৰ পথৰ ওপৰতে প্ৰায় দুই সহস্ৰাধিক ছাত্র আৰু নাগৰিক সমাজৰ ৰাইজে একত্ৰিত হৈ গীত, নৃত্য, বাটৰ নাট আৰু চিত্ৰ অংকিত কৰি শৈল্পিক প্ৰতিবাদী কৰে । লগতে জনতাই ‘ ন কা ‘শ্লগান দিয়ে ।

প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰি নগা ষ্টুডেন্ট ফেডাৰেচনে নেতাই কয় যে কা অসংবিধানিক । সকলোৱে ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈ কা বাতিলৰ বাবে তীব্ৰ সংগ্ৰাম গঢ়ি তুলিবলৈ আহবান জনায়। নগা ছাত্র সংগঠনৰ মতে নিজৰ অধিকাৰত আপোচবিহীন ভাৱে অটল থাকিলেহে প্ৰবজন কাৰীৰ পৰা বাচি থাকিব পৰা যাব ।

আনহাতে ডিমাপুৰ জি বি এছ এছচিয়েচনৰ সভাপতিয়ে কয় বহিৰাগতক আমাৰ অধিকাৰ কাঢ়ি লবলৈ কোনো দিনে অনুমতি দিয়া নহব । এতিয়া অবৈধ বিদেশী নাগৰিকৰক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ সময় সমাগত ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি