২০ ছেকেণ্ডৰ ভুলৰ বাবে পাকিস্তানৰ ক্ষমা ভিক্ষা!

২০ ছেকেণ্ডৰ ভুলৰ বাবে পাকিস্তানৰ ক্ষমা ভিক্ষা!

ডিজিটেল ডেস্কঃ মাত্ৰ ২০ ছেকেণ্ডৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে পাকিস্তানে। ক্ষমা বিচাৰিলেও উক্ত ভুলে ইতিমধ্যে দেশখনৰ সীমা চেৰাই ভাৰততো প্ৰৱেশ কৰি সকলোকে হাঁহিক খোৰাক যোগাইছে।

আৰ্থিক সংকটৰ সন্মুখীন হৈ থকা চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ শেহতীয়া চীন ভ্ৰমণৰ সময়তে সংঘটিত হৈছে এই ভুল। সাহায্য বিচাৰি চীন ভ্ৰমণলৈ যোৱা পাক প্ৰধানমন্ত্ৰীজনে দেশখনৰ শাসকীয় কমিউনিষ্ট দলৰ বেইজিংস্থিত কেন্দ্ৰীয় পাৰ্টী স্কুলত ভাষণ প্ৰদান কৰে।

প্ৰধানমনন্ত্ৰীগৰাকীৰ উক্ত ভাষণ চীনৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছিল পাকিস্তানৰ চৰকাৰী টিভি চেনেল PTV-এ। সম্প্ৰচাৰ চলি থকাৰ মাজতে স্ক্ৰীণত ভাষণ প্ৰদান কৰা স্থান বেইজিঙৰ নাম ইংৰাজীত প্ৰদৰ্শন কৰে।

পিছে ইয়াতে কেনা লাগে চৰকাৰী চেনেলটোৰ। বেইজিঙৰ পৰিৱৰ্তে চেনেলটোৰ স্ক্ৰীণত ইংৰাজীতে জিলিকি উঠে 'বেগিং' বুলি। ২০ ছেকেণ্ড ধৰি বেইজিঙৰ নাম বেগিং বুলি জিলিকি থকাৰ পিছত ভুল জানিব পাৰি সেয়া ততাতৈয়াকৈ শুধৰোৱাৰ ব্যৱস্থা কৰা হয়।

তেতিয়ালৈ অৱশ্যে স্ক্ৰীণশ্বটৰ ৰূপ লৈ ভাইৰেল হৈ পৰে সেই ভুল। পিছত পাক তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয় তথা চেনেল কৰ্তৃপক্ষই টুইটযোগে উক্ত ভুলৰ বাবে ক্ষমা বিচৰাৰ লগতে ভুল সংঘটিত কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইফালে উক্ত ভুলটো ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনসকলে এইবুলি মন্তব্য কৰিছে যে চেনেলটোৱে আচলতে একো ভুল কৰা নাই। তেওঁলোকৰ মতে পাক প্ৰধানমন্ত্ৰীজনে চীনলৈ সাহায্য বিচাৰি গৈছে বাবে ইংৰাজীত বেগিং অৰ্থাৎ ভিক্ষা বিচাৰি যোৱা বুলি লিখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in