ছিকিম ডেম’ক্ৰেটিক ফ্ৰন্টৰ ২৪ বছৰীয়া শাসন উফৰাই সোমবাৰে ছিকিমত শপত ল’লে নতুন চৰকাৰে

ছিকিম ডেম’ক্ৰেটিক ফ্ৰন্টৰ ২৪ বছৰীয়া শাসন উফৰাই সোমবাৰে ছিকিমত শপত ল’লে নতুন চৰকাৰে

ডিজিটেল ডেস্কঃ সোমবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সভাপতি পি এছ গোলেই নামেৰে পৰিচিত প্ৰেম সিঙ তামাঙে। ৫১ বছৰীয়া ৰাজনৈতিক নেতাজনক গেংটক পাইজৰ ষ্টেডিয়ামত শপত বাক্য পাঠ কৰাই ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদে।

নেপালী ভাষাত মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিলে পি এছ গোলেয়ে। উল্লেখ্য যে, আড়ম্বৰপূ্ৰ্ণ অনুষ্ঠানটোত প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ লগতে উপস্থিত নাথাকিল ছিকিম ডেম'ক্ৰেটিক ফ্ৰন্টৰ বহুকেইজন নেতা। উল্লেখ্য যে, শনিবাৰে গোলেৰ লগতে আন নৱ নিৰ্বাচিত ১৭ জন বিধায়কে ৰাজ্যপালক নতুন চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰিছিল। ছিকিমৰ ৩২ জনীয়া বিধানসভাৰ ছিকিম ক্ৰান্তিকাৰী মৰ্চাই লাভ কৰিছিল ১৭ খন আসন। তাৰ পিছতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে দলটো।

ছিকিমত ১১ এপ্ৰিলত লোকসভাৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন। ৰাজ্যখনৰ লোকসভা আসনখনো ছিকিম ক্ৰান্তিকাৰী মৰ্চাই লাভ কৰে। তাৰ পৰিৱৰ্তে ছিকিম ডেম'ক্ৰেটিক ফ্ৰন্টে লাভ কৰিছিল বিধানসভাৰ ১৫খন আসন।

এই বিধানসভাৰ নিৰ্বাচনৰ লৈকে চামলিঙৰ চৰকাৰে ২৪ বছৰ ধৰি ৰাজ্যখনত শাসন কৰি আছিল। ১৯৯৪ চনৰ পৰা অবিৰতভাৱে ছিকিম ডেম'ক্ৰেটিক ফ্ৰন্টে ৰাজ্যখনত শাসন কৰি আছিল। উল্লেখ্য যে, ২০০৯ চন দলটোৱে ৩২ খন আসনৰ আটাইকেইখনে দখল কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in