হাট শিঙিমাৰী অসামৰিক চিকিৎসালয়ত সীমান্ত সুৰক্ষা বাহিনী – চিআৰপিএফক ভেকচিন প্ৰদান…

হাট শিঙিমাৰী অসামৰিক চিকিৎসালয়ত সীমান্ত সুৰক্ষা বাহিনী – চিআৰপিএফক ভেকচিন প্ৰদান…

ডিজিটেল সংবাদ,দক্ষিন শালামাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ স্থিত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত শনিবাৰে ১৮-৪৪ বছৰীয়া লোকৰ লগতে সীমান্ত সুৰক্ষা বাহিনী আৰু চিআৰপিএফক কোভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা যিসকল বিএছএফ জোৱান আৰু চিআৰপিএফ বাহিনী ছুটীৰ সময়ত ঘৰত গৈ পুনৰ দেশৰ নিৰাপত্তাৰ বাবে সীমান্তত কৰ্তব্যৰ বাবে উভতি আহে সেই সকল জোনাক প্ৰথমে হাটশিঙিমাৰী অসামিৰক চিকিতসালয়ত কোভিড পৰীক্ষা কৰি ভেকছনি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।

তদুপৰি জিলাখনৰ ১২ খনকৈ স্বাস্থ্য কেন্দ্ৰত যোৱা কালিৰে পৰা ১৮-৪৪ বছৰৰ লোক সকলক কোভিড পৰীক্ষা কৰি ভেকছনি প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি দ্বিতীয় দিনাও চিকিতসালয় কেইখনত ভেকছিনৰ বাবে ভালে সংখ্যক লোক উপস্থিত হয়। এই সন্দৰ্ভত হাটশিঙিমাৰী অসামৰিক চিকিতসালয়ৰ অধ্যক্ষ ডাঃ ছামছুল হক এইদৰে নিজৰ প্ৰতিক্ৰিয়া কৰি কয় যে কোভিড ১৯ ৰ ভয়াবহতাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ হলে চৰকাৰী সকলো নিৰ্দেশনা মানি চলাটো অতিকৈ জৰুৰী।

তদুপৰি ৰাইজে কিছু সময়ৰ মুৰে মুৰে হাত ধূই হেণ্ড ছেনিটাইচ কৰা, ঘৰৰ পৰা বাহিৰত ওলালে মাক্স পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে ইয়াৰ পৰা সুৰক্ষা পোৱাৰ কোনো বিকল্প নাই বুলি হাস্পাতাল খনৰ অধ্যক্ষ ডাঃ ছামছুল হক মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in