বৰছলাত আৰ পি শৰ্মাক বিৰোধিতাৰে উত্তাল প্ৰতিবাদ…

বৰছলাত আৰ পি শৰ্মাক বিৰোধিতাৰে উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ,ওৰাং : প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে দহিছে কংগ্ৰেছক। ৭২ নং বৰছলা সমষ্টিত আৰ পি শৰ্মাক কংগ্ৰেছ দলে টিকট প্ৰদান কৰাক লৈ শোণিতপুৰৰ চিৰাজুলিত প্ৰতিবাদ। আৰ পি শৰ্মাক কংগ্ৰেছে টিকট প্ৰদান কৰাক লৈ ক্ষুন্ন উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা‌ নেমছু। বৰছলাত আৰ পি শৰ্মাক টিকট প্ৰদান কৰাৰ বাবে আৰ পি শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে নেমছু নামৰ সংগঠনটোৱে।

বৰছলাত আৰ পি শৰ্মাক সংখ্যাঘু এলেকাত নিষিদ্ধ ঘোষণা নেমছুৰ। বৰছলাৰ সংখ্যালঘু অঞ্চলত আৰ পি শৰ্মাক প্ৰবেশ কৰিব নিদিয়ে নেমছুৱে। বিজেপিত থকা সময়ত সদায় সংখ্যালঘু লোকৰ ওপৰত বিৰোপ মন্তব্য কৰি অহা আৰ পি শৰ্মাক কংগ্ৰেছ দলে দলীয় টিকট প্ৰদান কৰাৰ বাবে এই প্ৰতিবাদ সংগঠনটোৰ। ৰিপুন বৰাকো তীব্ৰ সমালোচনা সংগঠনটোৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in