অবৈধ নাগৰিকৰ বিৰুদ্ধে ডিমাপুৰত প্ৰতিবাদী সমদল

অবৈধ নাগৰিকৰ বিৰুদ্ধে ডিমাপুৰত প্ৰতিবাদী সমদল

ডিজিটেল সংবাদ, ডিমাপুৰঃ অসমত এন আৰ চিৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে চুবুৰীয়া নাগালেণ্ডতো ইয়াক লৈ দাবী তুংগত উঠা দেখা গৈছে। অবৈধ নাগৰিকসকলৰ বিৰুদ্ধে ইতিমধ্যে সৰৱ হৈ পৰিছে ৰাজ্যখনৰ কেবাটাও দল-সংগঠন।

এন আৰ চিৰ পৰা বাদ পৰা অসমৰ কোনো অবৈধ লোকে যাতে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে সেই লৈও সতৰ্কতা অৱলম্বন কৰি আহিছে দল-সংগঠনসমূহে।

শুকুৰবাৰে, নগা ছাত্ৰ ফেডাৰেশ্যন চমুকৈ এন এছ এফে ডিমাপুৰত প্ৰতিবাদী সমদলৰ আয়োজন কৰে। অসমৰ এন আৰ চিৰ ফলত ৰাজ্যখনত যাতে অবৈধ নাগৰিকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ডিমাপুৰত প্ৰতিটো চেকগেট, ৰেলৱে ষ্টেশ্যন আৰু বিমান বন্দৰত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

'আমি অবৈধ বিদেশী নাগৰিকক নাগালেণ্ডত কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ দিব নোৱাৰো। প্ৰতিটো মুহূৰ্ততে আমি চোকা দৃষ্টি ৰাখিছো। লগতে
বৈধ কোনো ভাৰতীয় নাগৰিক যাতে হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিছো।'-চৰকাৰক শীঘ্ৰে ইনাৰলাইন পাৰ্মিট সন্দৰ্ভত নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনায় এইদৰে কয় সংগঠনটোৱে।

ছাত্ৰ সংগঠনটোৰ সভাপতি কে খ্ৰীষ্টফাৰে অসমৰ দৰেকৈ নাগালেণ্ডতো ১৯৬৩ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিবলৈকো চৰকাৰৰ ওচৰত আজিৰ প্ৰতিবাদী সমদলৰ অন্তত দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in