ত্ৰিপুৰাবাসীৰ হৃদয়তো জ্বলিছে একেই জুই, জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ত্ৰিপুৰাবাসীৰ হৃদয়তো জ্বলিছে একেই জুই, জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ'ই আহ্বান জনোৱা উত্তৰ-পূৱ বন্ধত ত্ৰিপুৰাতো সৰ্বাত্মক প্ৰভাৱ৷
  • বন্ধৰ সময়ছোৱাত কেইবা ঠাইতো সংঘটিত হ'ল বিক্ষিপ্ত ঘটনা৷
  • ত্ৰিপুৰাৰ মাধৱবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীচালনা৷
  • আৰক্ষীৰ গুলীত আহত হয় কেইবাজনো প্ৰতিবাদকাৰী৷
  • আহত প্ৰতিবাদকাৰী কেইজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত৷
  • বৰ্তমানো ত্ৰিপুৰাত অব্যাহত আছে তীব্ৰ উত্তেজনা৷
  • বিক্ষিপ্ত ঘটনাৰ আশংকাত ৰাজ্যখনত ৪৮ ঘন্টাৰ বাবে বন্ধ কৰা হৈছে ইন্টাৰনেট আৰু এছ এম এছ সেৱা৷
  • সমগ্ৰ ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে অধিক কটকটীয়া৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in