নাৰায়ণপুৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

নাৰায়ণপুৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত নাৰায়ণপুৰত যুৱ-ছাত্র পৰিষদৰ বৃহৎ জোঁৰ সমদল৷ বিভিন্ন সময়ত সংগঠনটোৱে চৰকাৰক এই দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে।

সেয়ে সমগ্ৰ অসমজুৰি সংগঠনটোৱে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তন কৰাৰ দাবীত ৰূপায়ণ কৰে এই কাৰ্য্যসূচী। নাৰায়ণপুৰ নগৰস্থিত সংগঠনটোৰ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলত শতাধিক সদস্যই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বা-হিমন্ত মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, আৰ এছ এছ মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in